শিৱসাগৰ জিলাৰ শিমলুগুৰি নগৰৰ ভাড়াঘৰত জীৱন কটোৱা ৮০ উৰ্দ্ধৰ এগৰাকী মহিলা ৷ পাঁচ পুত্ৰ আৰু এগৰাকী কন্যাৰ মাতৃ এইগৰাকী মহিলাৰ জীৱন সংগ্ৰামৰ অতি দুখলগা। এসময়ত পুত্ৰ কন্যাৰে ভৰি থকা ঘৰখন এৰি এইগৰাকী বৃদ্ধ মহিলাই শাৰীৰিক বিশেষ ভাৱে সক্ষম পুত্ৰৰ সৈতে বৰ্তমান এটি ভাড়াঘৰত বাস কৰে। এই মহিলা গৰাকীৰ নাম মোহিত্ৰী সন্দিকৈ নেওগ। চৰাইদেউ জিলাৰ কানুবাৰীত তেওঁৰ ঘৰ আছিল। বহু কষ্টৰে পঢ়াই শুনাই ডাঙৰ দীঘল কৰা মহিলাগৰাকীৰ চাৰি পুত্ৰই তেওঁৰ দ্বায়িত্ব লোৱা নাছিল বাবে তেওঁ আইনৰ সহায় ল’ব লগা হৈছিল।
২০১৫ চনত মহিলাগৰাকীয়ে নাজিৰাৰ প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশ আদলতত চাৰি পুত্ৰৰ বিৰুদ্ধে ভৰণপোষন বিচাৰি গোচৰ তৰিছিল। মহিলাগৰাকীৰ গোচৰৰ ভিত্তিত আদলতে ২০১৬ চনত চাৰি পুত্ৰক মাতৃৰ ভৰণপোষণৰ বাবে মাহেকীয়া খোৰাকী প্ৰদানৰ নিৰ্দেশ জাৰি কৰিছিল ৷
আদলতে জেষ্ঠ পুত্ৰ নীলকান্ত নেওগক মাহে ৩৫০০ টকা, দ্বিতীয় পুত্ৰ মুক্তা নেওগক ১২০০ টকা, তৃতীয় পুত্ৰ প্ৰবীন নেওগক ১২০০ টকা আৰু চতুৰ্থ পুত্ৰ বিপুল নেওগক ৮০০ টকাকৈ দিয়াৰ নিৰ্দেশ জাৰি কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত মহামান্য আদালতে ২০২২ চনত চাৰি পুত্ৰই মাতৃক দিব লগা খোৰাকীৰ পৰিমাণ বৰপুত্ৰ নীলকান্ত নেওগক মাহে ৪০০০ টকা দ্বিতীয় পুত্ৰ মুক্তা নেওগক ১৫০০ টকা, তৃতীয় পুত্ৰ প্ৰবীন নেওগক ১৫০০ টকা চতুৰ্থ পুত্ৰ বিপুল নেওগক ১০০০ টকালৈ বৃদ্ধি কৰিলে। তথাপিও আদালতৰ নিৰ্দেশ মতে চাৰি পুত্ৰই মাতৃক প্ৰতিমাহে প্ৰদান কৰিব লগা টকা বৰ পুত্ৰৰ বাহিৰে বাকী তিনি পুত্ৰই দিব লগা টকা সময়মতে প্ৰদান নকৰাত তিনি পুত্ৰ বহুবাৰ জেললৈ যাব লগা পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ কিন্তু যিমান দোষ নকৰিলেও এগৰাকী মাতৃৰ হৃদয়ে কেতিয়াও পুত্ৰক শাস্তি দিয়াৰ কথা নিবিচাৰে। যাৰ বাবে এইগৰাকী মহান হৃদয়ৰ মাতৃয়ে চাৰি পুত্ৰৰ বিৰুদ্ধে আদালতত তৰা গোচৰ উঠাই লয় আৰু জীৱনৰ অন্তিম ক্ষণত চাৰি পুত্ৰৰ সকলো দোষ ক্ষমা কৰি দিয়ে।
আইনৰ দ্বাৰা নহয়, যদি তেঁওললোকে নিজ ইচ্ছাৰে তেওঁক সহায় কৰিব বিচাৰে কৰিব পাৰে আৰু নকৰিলেও আপত্তি নাই বুলি ক’লে মহিলাগৰাকীয়ে। দুৰ্ভগীয়া বৃদ্ধ মহিলাগৰাকীক এতিয়া বিশেষভাৱে সক্ষম সৰু পুত্ৰই পোহপাল দি আছে ৷ মহিলাগৰাকীক এই ক্ষেত্ৰত অধিবক্তা গংগা গোবিন্দ বৰুৱাই আইনী প্ৰক্ৰিয়াৰে সৰ্বতোপ্ৰকাৰে সহায়ৰ হাত আগবঢ়াই আহিছে। আধিবক্তা জনে নিউজ ১৮ৰ সাংবাদিকক জনোৱা মতে মোহিত্ৰী সন্দিকৈ নেওগৰ পুত্ৰ মুক্তা নেওগে ৩৮,৯৩৪ টকা, প্ৰবীন নেওগে ১,০৬,৫৩৪ টকা আৰু পুত্ৰ বিপুল নেওগে ৬২,৪৩৪ টকা প্ৰদান কৰিবলৈ বাকী আছে।
মহিলা গৰাকীয়ে জনোৱা মতে তেওঁৰ বৰপুত্ৰ নীলকান্ত নেওগ এজন আৰক্ষী বিষয়া, দ্বিতীয় পুত্ৰ মুক্তা নেওগ জীৱন বীমা নিগমৰ কৰ্মী, তৃতীয় পুত্ৰ প্ৰবীন নেওগ চাহপাত ব্যৱসায়ী আৰু চতুৰ্থ পুত্ৰ বিপুল নেওগ এজন ড্ৰাইভাৰ।
বহু ঘাট প্ৰতিঘাতৰ মাজেৰে জীৱন অতিবাহিত কৰা মোহিত্ৰী সন্দিকৈয়ে এই বয়সতো নিৰলসভাৱে সাহিত্য সাধনাত ব্যস্ত হৈ আছে। মহিলাগৰাকীয়ে কেইবাখনো গল্প, কবিতা, নাটকৰ পুথি লগতে উপন্যাস প্ৰকাশ কৰি উলিয়াইছে। কিন্তু ধনৰ অভাৱত আইতাই তেওঁ ৰচনা কৰা গ্ৰন্থ সমূহ বহুলভাৱে প্ৰচাৰ কৰিব পৰা নাই।
উল্লেখযোগ্য যে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মোহিত্ৰী সন্দিকৈয়ে লিখা "মৰুভূমিত এপাহি পদুম"নামৰ উপন্যাসখন কিছুদিন পূৰ্বে প্ৰকাশ কৰিছিল ৷ জীৱনৰ অন্তিম সময়ত বৃদ্ধ মহিলাগৰাকীৰ মৃত্যুৰ পিছত বিশেষভাৱে সক্ষম সৰু পুত্ৰৰ কি হ’ব তাকে লৈ তেওঁৰ চিন্তা। এতিয়া বৃদ্ধা মহিলাগৰাকীৰ মুখ্যমন্ত্ৰীলৈ অনুৰোধ পুত্ৰক যাতে উপাৰ্জনৰ এটা পথ দিয়ে।
Published by: Sehnaz Begum
FIRST PUBLISHED : March 17, 2023, 15:55 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।