অসুখ হোৱাৰ বাবেই পত্নী আৰু পুত্ৰই খেদি দিলে ঘৰৰ পৰা! প্ৰচণ্ড শীতৰ মাজত এতিয়া এনেদৰেই দিন পাৰ কৰিছে এইগৰাকী বৃদ্ধই

News18 Assam | News18-Assam
Updated:December 26, 2020, 1:35 PM IST
অসুখ হোৱাৰ বাবেই পত্নী আৰু পুত্ৰই খেদি দিলে ঘৰৰ পৰা! প্ৰচণ্ড শীতৰ মাজত এতিয়া এনেদৰেই দিন পাৰ কৰিছে এইগৰাকী বৃদ্ধই
৬ বছৰ পূৰ্বে কঠিন ৰোগত আক্ৰান্ত হৈ পংগু হৈ পৰিছিল তেজপুৰ নিকটৱৰ্তী বান্দৰমাৰীৰ মোহন ৰাজোৱাৰ নামৰ ৫০ উৰ্ধ্বৰ লোকজন ৷

৬ বছৰ পূৰ্বে কঠিন ৰোগত আক্ৰান্ত হৈ পংগু হৈ পৰিছিল তেজপুৰ নিকটৱৰ্তী বান্দৰমাৰীৰ মোহন ৰাজোৱাৰ নামৰ ৫০ উৰ্ধ্বৰ লোকজন ৷

  • Share this:
তেজপুৰত ভুলুণ্ঠিত মানৱতা! প্ৰচণ্ড শীতত এখন পাতল কম্বল গাত মেৰিয়াই পৰিত্যক্ত এখন দোকানতে দিন কটাইছে ৫০ উৰ্ধ্বৰ এজন ব্যক্তিয়ে ৷ যোৱা ৬ বছৰে পথৰ দাঁতিৰ পৰিত্যক্ত দোকান গৃহতে দুৰ্বিসহঃ জীৱন কটাইছে মোহন ৰাজোৱাৰ নামৰ লোকজনে ৷ পিছে কাৰোৰে যেন আহৰি নাই এপলক ৰৈ মানুহজনৰ এটা খবৰ লোৱাৰো ৷

উল্লেখ্য যে, ৬ বছৰ পূৰ্বে কঠিন ৰোগত আক্ৰান্ত হৈ পংগু হৈ পৰিছিল তেজপুৰ নিকটৱৰ্তী বান্দৰমাৰীৰ মোহন ৰাজোৱাৰ নামৰ ৫০ উৰ্ধ্বৰ লোকজন ৷ কিন্তু অসুখ হোৱাৰ পিছতে পৰিয়ালৰ বাবে এলাগী হৈ পৰে বৃদ্ধ জন। আনকি দুই সন্তান আৰু পত্নীয়েও ঘৰৰ পৰা খেদি দিয়ে লোকজনক। বৰ্তমান পৰিয়ালৰ লোক তেজপুৰ চহৰত বাস কৰাৰ বিপৰীতে লোকজনে তেজপুৰ মাজগাঁৱৰ এখন জৰাজীৰ্ণ পৰিত্যক্ত দোকান গৃহত দিন কটাবলগীয়া হৈছে ৷ কোনোৱাই দিলে খাবলৈ পাই, নহ’লে পেটৰ ভোকতে থাকিবলগীয়া হয় দিনটো।

এখন পাতল কম্বলেৰে হাড় কঁপোৱা শীতক নেওচি এতিয়া নিশা পাৰ কৰিছে লোকজনে ৷ লোকজনৰ এনে দুৰ্বিসহ জীৱন বহুতে প্ৰত্যক্ষ কৰিছে যদিও উদ্ধাৰৰ বাবে আজিলৈকে আগবাঢ়ি অহা নাই কোনো লোক।
Published by: Himangshu Bhuyan
First published: December 26, 2020, 1:35 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি