৫২ বছৰ পূৰ্বে নিশ্চিত বিমান দুৰ্ঘটনাৰ পৰা দৈৱক্ৰমে ৰক্ষা পৰিছিল তৰুণ গগৈ! ক'ত, কেনেকৈ সংঘটিত হৈছিল?

News18 Assam | News18-Assam
Updated:November 23, 2020, 11:04 PM IST
৫২ বছৰ পূৰ্বে নিশ্চিত বিমান দুৰ্ঘটনাৰ পৰা দৈৱক্ৰমে ৰক্ষা পৰিছিল তৰুণ গগৈ! ক'ত, কেনেকৈ সংঘটিত হৈছিল?
বিশিষ্ট ৰাজনীতিক, অসমৰ তিনিটা কাৰ্যকালৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ যোৰহাটৰ সৈতে আছিল অতি নিবিড় সম্পৰ্ক।

বিশিষ্ট ৰাজনীতিক, অসমৰ তিনিটা কাৰ্যকালৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ যোৰহাটৰ সৈতে আছিল অতি নিবিড় সম্পৰ্ক।

  • News18 Assam
  • Last Updated: November 23, 2020, 11:04 PM IST
  • Share this:
বিশিষ্ট ৰাজনীতিক, অসমৰ তিনিটা কাৰ্যকালৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ যোৰহাটৰ সৈতে আছিল অতি নিবিড় সম্পৰ্ক। তৰুণ গগৈৰ কেইগৰাকীমান বন্ধুৰ ভিতৰত অন্যতম আছিল যোৰহাটৰ  ত্ৰৌলোক্য ভট্টাচাৰ্য আৰু প্ৰয়াত পদ্ম শৰ্মা। ১৯৬৮ চনত যোৰহাটৰ পৰা দিল্লীলৈ বিমানেৰে যোৱা অৱস্থাত দৈৱক্ৰমে প্ৰাণ ৰক্ষা পৰিছিল তিনিজন বন্ধু সহ তৰুণ গগৈৰ।

১৯৬২ চনত জাতীয় সীমান্ত ৰক্ষা পৰিষদ নামৰ এটা সংগঠন প্ৰতিষ্ঠা কৰি সমাজসেৱাৰ কামত জড়িত হৈ পৰিছিল তৰুণ গগৈ। লগত আছিল পদ্ম শৰ্মা আৰু বিজয় কৃষ্ণ সন্দিকৈ। সেই সময়ত যোৰহাটত এই সংগঠনটোৰ কাম-কাজসমূহে ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছিল। ইয়াৰ পিছতে ১৯৬৬ চনত ভাৰত যুৱ সমাজৰ অসম শাখাৰ সভাপতি হৈছিল তৰুণ গগৈ। সাংগঠনিক সম্পাদকৰ দায়িত্বত আছিল ত্ৰৌলোক্য ভট্টাচাৰ্য আৰু সাধাৰণ সম্পাদক আছিল পদ্ম শৰ্মা। সেই সময়ছোৱাত বহুবাৰ দিল্লীলৈ গৈছিল বন্ধুসহ তৰুণ গগৈ। ১৯৬৮ চনৰ এদিন বিশেষ কামত যোৰহাটৰ পৰা বিমানেৰে দিল্লীলৈ গৈছিল গগৈ। লগত আছিল পদ্ম শৰ্মা, বিজয়কৃষ্ণ সন্দিকৈ আৰু ত্ৰৌলোক্য ভট্টাচাৰ্য।

তিনি বন্ধুসহ তৰুণ গগৈ যাবলগীয়া বিমানখনৰ এটা ইঞ্জিন বিকল হোৱাৰ বাবে গুৱাহাটীত মেৰামতি কৰা হৈছিল। সেয়েহে দুপৰীয়া ১২ বজাত যাবলগীয়া বিমানখন পলমকৈ দুপৰীয়া প্ৰায় ২ বজাত গন্তব্য স্থানলৈ উৰিছিল। এটা ইঞ্জিনেৰে বিমানখন যোৰহাট আহি যাত্ৰীসকলক লৈ দিল্লীলৈ উৰা মাৰিছিল। কিন্তু মাজ আকাশত বিমানখনত সংঘটিত হৈছিল এক ভয়ংকৰ ঘটনা।



বিমানখনৰ থকা একমাত্ৰ ইঞ্জিনটো বিকল হৈ পৰিছিল। ফলত বিমানখন ভয়াবহ ভাবে কঁপি কঁপি তললৈ নামি আহিছিল। কিছুসময়ৰ পিছতে ইঞ্জিন বিকল হৈ পৰা বিমানখন অধিক তললৈ নামি আহি গছ এজোপাত খুন্দা মৰাৰ দিশে আগবাঢ়িছিল। এই আসন্ন বিপদৰ বিষয়ে কিন্তু জ্ঞাত নাছিল বিমান যাত্ৰীসকল।



" মই খিৰিকীৰ কাষত বহিছিলো। প্লেনখন কঁপি কঁপি ধলং পলঙকৈ তললৈ নামি আহি গছ এজোপাত খুন্দা মাৰিবলৈ উদ্যত হৈছিল। কিন্তু হঠাৎ পুনৰ বিমানখন ওপৰলৈ উৰিবলৈ ধৰে আৰু দিল্লীৰ পৰিৱৰ্তে কোলকাতাত অৱতৰণ কৰে। পিছত জানিব পাৰো যে, বিমানখনৰ একমাত্ৰ সচল ইঞ্জিনটোও বিকল হৈ পৰিছিল। শেষ মুহূৰ্তত পাইলটজনে প্লেনখন ক্ৰেছ হোৱাৰ পূৰ্বে আগৰ বিকল ইঞ্জিনটো অন কৰি দিয়াত সেইটো চলিবলৈ ধৰে আৰু আমি ৰক্ষা পৰো। ", সেই অভিশপ্ত দিনটোৰ কথা স্মৰণ কৰি এনেদৰে কয় ত্ৰৌলোক্য ভট্টাচাৰ্যই।

ইয়াৰ পিছত বিমানখনে কোলকাতাত জৰুৰী লেণ্ডিং কৰাৰ পিছতহে যাত্ৰীসকলে জানিব পাৰে যে, তেওঁলোক এক ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পৰা দৈৱক্ৰমে ৰক্ষা পৰিছে। তাৰ পিছত বেলেগ এখন বিমানেৰে যাত্ৰীসকলক দিল্লীলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছিল।
Published by: Himangshu Bhuyan
First published: November 23, 2020, 11:04 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading