মাহেকত ৮০০০০ খন থলুৱা গামোচা উৎপাদনৰ লক্ষ্যৰে আগবাঢ়িছে শিৱসাগৰ জিলাৰ নাজিৰাৰ এটি স্বেচ্ছাসেৱী সংস্থা৷ যুৱ সমাজকৰ্মী ময়ূৰ বৰগোহাঁইৰ নেতৃত্বত নাজিৰাত গঢ় লৈ উঠা 'আশ্ৰয়' নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে বৰ্তমান নাজিৰা মহকুমাৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৭০০০ মহিলাক দিছে আত্মনিৰ্ভৰশীলতাৰ পথ৷ সংগঠনটোৱে মহিলাসকলক গামোচা উৎপাদনৰ বাবে প্ৰদান কৰি আহিছে বিনামূলীয়া সূতা আৰু এই সূতাৰে গামোচা উৎপাদন কৰি স্বাৱলম্বী হৈছে মহিলাসকল ৷
নাজিৰা মহকুমাৰ বিভিন্ন অঞ্চলৰ মহিলাক বিনামূলীয়া সূতা প্ৰদান কৰিছে 'আশ্ৰয়' নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে ৷ কোৰোণা অতিমাৰীৰ এই বন্ধৰ সময়ছোৱাত সংগঠনটোৰ পৰা সূতা লাভ কৰা প্ৰতিগৰাকী মহিলাই নিজ ঘৰতে তাঁতশালত ১২খনকৈ ফুলাম গামোচা উৎপাদন কৰিছে৷ মহিলাসকলে উৎপাদন কৰা ১২খন গামোচাৰ পৰা ৪ খন গামোচা 'আশ্ৰয়'ক প্ৰদান কৰিব লাগে৷ এই চাৰিখন গামোচা আশ্ৰয়ে লাভ কৰাৰ পিছত পুনৰ মহিলাসকলক বিনামূলীয়া সূতা প্ৰদান কৰে সংগঠনটোৱে ৷
বহিঃৰাজ্যৰ গামোচাক প্ৰত্যাহ্বান জনাই মাহেকত অতি কমেও ৮০০০০খন গামোচা উৎপাদনৰ লক্ষ্য লৈছে সংগঠনটোৱে৷ ৬ বছৰ পূৰ্বে নাজিৰাত জন্ম হোৱা আশ্ৰয় নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে মহিলাৰ লগতে বহু নিবনুৱা যুৱক–যুৱতীক দিছে আত্মনিৰ্ভৰশীলতাৰ পথ৷ বিপদৰ সময়ত আৰ্তজনকো সহায়ৰ হাত আগবঢ়াইছে সংগঠনটোৱে৷ ভৱিষ্যতে ১০০০০ গৰাকী মহিলাক গামোচা উৎপাদনৰ লগত জড়িত কৰোৱাৰ লক্ষ্য লৈছে সংগঠনটোৱে৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|