মুখ্যপৃষ্ঠা »খবৰ »অসম »NALBARI : নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা বিশ্ববিদ্যালয়ৰ এগৰাকী ইছলাম ধৰ্মী ছাত্ৰী, যাৰ মুখত আখৈ ফুটাদি ফুটে সংস্কৃত শ্লোক

NALBARI : নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা বিশ্ববিদ্যালয়ৰ এগৰাকী ইছলাম ধৰ্মী ছাত্ৰী, যাৰ মুখত আখৈ ফুটাদি ফুটে সংস্কৃত শ্লোক

নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ ছাত্ৰীগৰাকীয়ে অধ্যয়ন কৰে গীতা-ভাগৱতো

  • Share this:
নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ এগৰাকী ইছলাম ধৰ্মী ছাত্ৰী। তেওঁৰ মুখত আখৈ ফুটাদি ফুটে সংস্কৃতৰ শ্লোক। কোৰানৰ লগতে তেওঁ অধ্যয়ন কৰে গীতা ভাগৱতো।

হয়, নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ত বেদত স্নাতকোত্তৰ ডিগ্ৰীৰ পাঠ গ্ৰহণ কৰা শ্বেহনাজ য়াছমীনে সলসলীয়াকৈ মাতিব পাৰে সংস্কৃতৰ শ্লোক। নলবাৰী নিৱাসী শ্বেহনাজ য়াছমিনে ক'লে- ইয়াত হিন্দু-মুছলিম বুলি কথা নাই। আমি সকলোৱে মানুহ। শ্বেহনাজৰ মতে, মানুহে ধৰ্মক বিশ্বাস নকৰা বাবে বেয়া কাম কৰিবলৈ ভয় নকৰা হৈছে।

শ্বেহনাজে লগতে কয় যে শিক্ষাৰ ক্ষেত্ৰত কোনো ভেদাভেদ নাই। ধৰ্মী ভেদাভেদৰ সলনি ধৰ্মীয় সম্প্ৰীতি মূল কথা। সংস্কৃত বিষয় অধ্যয়নৰ দিশত তেওঁ কোনো ধৰ্মীয় দিশৰ দ্বাৰা প্ৰভাৱিত হোৱা নাছিল। উল্লেখ্য, বিশ্ববিদ্যালয়খনত আছে সংস্কৃত বিভাগৰ মুছলমান ধৰ্মৰ এগৰাকী অধ্যাপিকাও।

শেহতীয়া বাতৰি