সোপাধৰাৰ সন্দেহত এজন লোকক মৰিয়াই মৰিয়াই হত্যা কৰিলে জোনাইত। সোপাধৰাৰ সন্দেহত উন্মত্ত হৈ থকা এদল লোকে বন্য কুকুৰৰ দৰে হত্যা কৰে লোকজনক। গুৰুত্বপূৰ্ণ যে লোকজনে ৰাইজে প্ৰশ্ন কৰি থকা ১৫ ছেকেণ্ডৰ ভিডিঅ'ও পোহৰলৈ আহিছে, য'ত তেওঁ উল্লেখ কৰে তেওঁ উক্ত ঠাইলৈ অহাৰ কাৰণ।
কিন্তু দুৰ্ভাগ্যজনকভাৱে সেই কথা গমিপিটি নোচোৱাকৈ উন্মত্ত ৰাইজে লোকজনক নিষ্ঠুৰভাৱে মৰিয়াই মৰিয়াই হত্যা কৰে। আনকি মৃতদেহৰ ওপৰত ভৰি তুলি পৰীক্ষা কৰি চোৱা হয় লোকজনৰ মৃত্যু হৈছে নে নাই। উন্মত্ত ৰাইজৰ প্ৰহাৰত অৱশেষত প্ৰাণ হেৰুৱায় লোকজনে।
উল্লেখ্য, উজনি অসমৰ বিভিন্ন ঠাইত এইকেইদিন সোপাধৰাজনিত অন্ধবিশ্বাসৰ প্ৰবল হোৱা দেখা গৈছিল আৰু এনে সময়তে আজি এই দুৰ্ঘটনা সংঘটিত হয়। অচিনাকি মানুহ দেখিলেই সোপাধৰাৰ সন্দেহ কৰাৰ ফলত সংঘটিত এই ঘটনাক লৈ আৰক্ষীয়ে ইতিমধ্যে কেইবাজনো লোকক আটক কৰিছ। জানিব পৰা মতে, নিহত লোকজনৰ নাম গোলাপ বৰুৱা৷ গোগামুখৰ চেতিয়া গাঁৱত ঘৰ।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|