• Home
  • »
  • News
  • »
  • assam
  • »
  • HAJO : হাতত ৫টা লোকেল মুৰ্গীৰ মৃতদেহ লৈ থানাত হাজিৰ এগৰাকী মহিলা, মুৰ্গী হত্যাকাৰীৰ নামসহ দাখিল কৰিলে এজাহাৰ

HAJO : হাতত ৫টা লোকেল মুৰ্গীৰ মৃতদেহ লৈ থানাত হাজিৰ এগৰাকী মহিলা, মুৰ্গী হত্যাকাৰীৰ নামসহ দাখিল কৰিলে এজাহাৰ

এজাহাৰ দাখিল কৰা মহিলা তছলিমা বেগমে হত্যাকাণ্ডৰ স্থান হাজোৰ দক্ষিণ বৰ্ণি বুলি উল্লেখ কৰে।

এজাহাৰ দাখিল কৰা মহিলা তছলিমা বেগমে হত্যাকাণ্ডৰ স্থান হাজোৰ দক্ষিণ বৰ্ণি বুলি উল্লেখ কৰে।

এজাহাৰ দাখিল কৰা মহিলা তছলিমা বেগমে হত্যাকাণ্ডৰ স্থান হাজোৰ দক্ষিণ বৰ্ণি বুলি উল্লেখ কৰে।

  • Share this:

হাজো আৰক্ষী থানাত মুৰ্গী হত্যাকাৰীৰ বিৰুদ্ধে এজাহাৰ এগৰাকী মহিলাৰ। এখন এজাহাৰ আৰু ৫টা লোকেল মুৰ্গীৰ মৃতদেহ লৈ হাজো আৰক্ষী থানাত উপস্থিত হয় এগৰাকী মহিলা। এজাহাৰত তেওঁ মুৰ্গীৰ ৩ হত্যাকাৰী ছৰিফুল, হাছিনা আৰু ইক্রামৰ নামো উল্লেখ কৰে।


এজাহাৰ দাখিল কৰা মহিলা তছলিমা বেগমে হত্যাকাণ্ডৰ স্থান হাজোৰ দক্ষিণ বৰ্ণি বুলি উল্লেখ কৰে। তেওঁ বৰ্ণনা কৰা ঘটনা অনুসৰি, তছলিমাৰ পোহনীয়া হাঁহ আৰু মুৰ্গীয়ে ছৰিফুল ইছলামৰ খেতিপথাৰলৈ গৈ খেতি নষ্ট কৰাৰ বাবে দুই ঘৰৰ মাজত প্ৰায়ে হৈ থাকে হাই–কাজিয়া।


এনে পৰিস্থিতিৰ মাজতে দেওবাৰে তছলিমা বেগমে নিজৰ ৫টা মুৰ্গী চৰিফুল, হাছিনা আৰু আক্ৰামে খেতিত বিহ দি নিধন কৰাৰ অভিযোগ তুলি থানালৈ লৈ আহে মৃতদেহ আৰু দাখিল কৰে এজাহাৰ। তছলিমাৰ দাবী যিকোনো প্ৰকাৰে ন্যায় লাগিবই।


এই ঘটনাক লৈ এতিয়া হাজোত সৰৱ চৰ্চা, ঘটনাটো ব্যতিক্ৰম যদিও তছলিমাই আইন অনুসৰি আগবঢ়া কাৰ্যয়ো লাভ কৰিছে প্ৰশংসা। পিছে মুৰ্গী হত্যাৰ ঘটনাৰ ন্যায় লাভ কৰিবনে গৰাকীয়ে।

Published by:Gautam Barman
First published: