মহানগৰীৰ এখন ব্যতিক্ৰমী দুৰ্গাপূজা। কেৱল মহিলাই সম্পন্ন কৰা এখন বিশেষ দুৰ্গাপূজা। এই দুৰ্গাপূজাৰ আয়োজক কমিটীৰ সকলো কৰ্মকৰ্তা মহিলাৰ লগতে দুৰ্গাপূজাৰ মূল পুৰোহিতগৰাকীও মহিলা।
কেৱল মহিলাই সম্পন্ন কৰা এই বিশেষ দুৰ্গাপূজাখন হৈছে মহানগৰীৰ পাথৰকোৱেৰীৰ ১নং মঠঘৰীয়া শ্ৰীশ্রীমা মনসা মন্দিৰ পূজা সমিতিৰ। এই দুৰ্গা পূজা সমিতিৰ উদ্যোগত প্ৰতিবছৰৰ দৰে এইবেলিও আয়োজন কৰিছে শ্ৰীশ্ৰী দুৰ্গাপূজা।
বিগত ২০০৬ চনৰ পৰা ধাৰাবাহিকভাবে সম্পূৰ্ণ বৈদিক ৰীতি–নীতিৰে দুৰ্গা পূজা সম্পন্ন কৰি আহিছে আয়োজক কমিটীয়ে। জাক–জামকতাৰ সলনি সম্পূৰ্ণ বৈদিক ৰীতি-নীতিৰে সম্পন্ন কৰা হয় পূজা।
উল্লেখ যে স্থানীয় প্ৰায় অৰ্ধশতাধিক মহিলাই পৰম্পৰাগতভাৱে চৰকাৰী নিৰ্দেশনা অনুযায়ী কোভিড নীতি–নিয়মেৰে এইবেলি পতা পূজাত দেৱী প্ৰতিমাৰ সলনি ১০৮টা ঘট স্থাপনেৰে পূজা সম্পন্ন কৰিছে। পূজা আয়োজক কমিটীয়ে জানিবলৈ দিয়া মতে, কাইলৈ কুমাৰী পূজাৰ বাবে সাজু হৈছে তেওঁলোক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|