• Home
  • »
  • News
  • »
  • assam
  • »
  • বেংগালুৰুত মৃত্যু অসমৰ অভিযন্তাৰ, পদোন্নতিৰ পিছদিনাই পুৱতিনিশা আঠমহলাৰ পৰা সৰি পৰিল অভিযন্তাজন

বেংগালুৰুত মৃত্যু অসমৰ অভিযন্তাৰ, পদোন্নতিৰ পিছদিনাই পুৱতিনিশা আঠমহলাৰ পৰা সৰি পৰিল অভিযন্তাজন

পদোন্নতি হোৱাৰ পিছৰ দিনাই ৰহস্যজনক ভাবে মৃত্যু হয় বাংগালোৰত কৰ্মৰত অসমৰ এজন অভিযন্তাৰ ৷ 

পদোন্নতি হোৱাৰ পিছৰ দিনাই ৰহস্যজনক ভাবে মৃত্যু হয় বাংগালোৰত কৰ্মৰত অসমৰ এজন অভিযন্তাৰ ৷ 

পদোন্নতি হোৱাৰ পিছৰ দিনাই ৰহস্যজনক ভাবে মৃত্যু হয় বাংগালোৰত কৰ্মৰত অসমৰ এজন অভিযন্তাৰ ৷ 

  • Share this:
পদোন্নতি হোৱাৰ পিছৰ দিনাই ৰহস্যজনক ভাবে মৃত্যু হয় বেংগালুৰুত কৰ্মৰত অসমৰ এজন অভিযন্তাৰ ৷  নিজৰ এপাৰ্টমেণ্টৰ কাষৰে অন্য এটা এপাৰ্টমেণ্টৰ অষ্টম মহলাৰ পৰা ৰহস্যজনক ভাবে সৰিপৰি কৰুণ মৃত্যুক আকোঁৱালি লৈছে বুলি পৰিয়ালক বাতৰি পাইছিল যদিও অভিযন্তা ত্ৰিদীপ কোৱঁৰৰ পৰিয়ালে মুঠেই মানি লব পৰা নাই যে এয়া এক দুৰ্ঘটনা ৷

জানিব পৰা মতে, ফুড ইঞ্জিনীয়াৰ  হিচাবে ত্ৰিদীপ কোঁৱৰ নিয়োজিত আছিল  "এ ৱেকোল" নামৰ এটা প্ৰতিস্থিত কোম্পানীত ৷ বিগত ১৩ আগষ্টৰ পুৱতি নিশা ত্ৰিদীপ কোঁৱৰ আাঠমহলীয়া এক অট্টালিকাৰ পৰা পৰি মৃত্যু হয় বুলি ত্ৰিদিপৰ পৰিয়াললৈ খবৰ আহে ৷ খবৰ লাভ কৰাৰ পিছতে পৰিয়ালৰ লোক বেংগালুৰুলৈ ৰাওনা হোৱাৰ পিছত বেংগালুৰুৰ আৰক্ষীয়ে জনায় যে পুৱতি নিশা সমনিয়াৰ সৈতে এটা পাৰ্টি কৰি থকাৰ মাজতে  এটা ভেন্টিলেচনেৰে আঠ মহলাৰ পৰা সৰি পৰি মৃত্যু হয় ত্ৰিদীপ কোৱৰৰ ৷ উল্লেথযোগ্য যে,  মৃত্যুৰ এদিনৰ পূৰ্বেই  ত্ৰিদিপে পদোন্নতি লাভ কৰিছিল "এ ৱেকোল" কোম্পানীত। পৰিয়ালৰ লোকে সন্দেহ কৰিছে যে, এই পদোন্নতিয়ে ত্ৰিদীপৰ বাবে কাল হ’ল ৷ ঈৰ্ষাত ভোগা কোনো সহকৰ্মীয়ে ত্ৰিদীপক পৰিকল্পিতভাৱে হত্যা কৰা বুলি সন্দেহ কৰিছে ত্ৰিদীপৰ পৰিয়ালে ৷ পৰিয়ালৰ মতে , ঘটনা সংঘটিত হোৱাৰ ৰাতি ত্ৰিদীপে নিজ ঘৰত ফোন কৰি ঘৰৰ সকলো লোকৰে খবৰ লৈছিল আৰু মাকে অন্য দিনাৰ দৰে সেইদিনাও কৈছিল " বোপাই ভালে থাকিবি দেই"।

লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অশোক গাঁৱৰ নিবাসী প্ৰফুল্ল কোঁৱাৰৰ একমাত্ৰ পুত্ৰ সন্তান ত্ৰিদীপৰ মৃতদেহ সোমবাৰে নিশা তেওঁৰ বাসগৃহলৈ অনা হয় ৷ ত্ৰিদীপৰ মৃত্যুত শোকত ভাগি পৰিছে পৰিয়ালৰ লগতে গাওঁবাসীসকলো ৷ সকলোৰে দাবী যে ত্ৰিদিপৰ মৃত্যুৰ উচিত বিচাৰ হওক আৰু  অভিযন্তাজনৰ হত্যাকাৰীয়ে কঠোৰ শাস্তি পাওক ৷ এতিয়া পৰিয়ালৰ লগতে সকলোৰে মনত কেইবাটাও প্ৰশ্ন আহিছে যে পুৱতিনিশা কেনেকৈ ত্ৰিদীপ গৈছিল সমনিয়াৰ এপাৰ্টমেণ্টলৈ? যিটো এপাৰ্টমেণ্টত দুৰ্ঘটনা সংঘটিত হৈছিল তাত নাছিল নেকি কোনো নিৰাপত্তা ব্যৱস্থা?এজন মানুহ বসবাস কৰি থকা এপাৰ্টমেণ্টতৰ ভেন্টিলেচনেৰে কেনেকৈ  সৰি পৰিল এটা সুস্থ সৱল ডেকা ল’ৰা? ইয়াৰ উপৰি, ত্ৰিদীপৰ মৃতদেহত নাছিল কোনো পতিয়ন যাব পৰা আঘাতৰ চিন ৷ ইতিমধ্যে, ত্ৰিদীপৰ পৰিয়ালে এই ঘটনা সন্দৰ্ভত তদন্তৰ বাবে আইনৰ কাষ চপাৰ প্ৰস্তুতি চলাইছে ৷
Published by:Sanjay Kumar Das
First published: