মুছলপুৰঃ বাক্সা জিলাৰ ভাৰত- ভূটান সীমান্তৰ চিব্ৰুবাৰীত এটা বনৰীয়া হাতী হত্যা কৰা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ বিচন গয়াৰী নামৰ লোকজনে বিদ্যুৎ সংযোগ কৰি সংঘটিত কৰিছে এই অপৰাধ। ধান খেতি খোৱাৰ বাবেই লোকজনে বিদ্যু্ৎ সংযোগ কৰি হত্যা কৰে হাতীটো। আনকি মৃত হাতীটোৰ ঠেং পৰ্যন্ত কাটি পুতি পেলোৱাৰ চেষ্টা চলাইছিল বিচন গয়াৰীয়ে।
জিলাখনৰ বাতাবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত চিব্ৰুবাৰীত সংঘটিত হৈছে এই ঘটনা৷ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে বন বিভাগৰ লোক। জানিব পৰা মতে জিলাখনৰ ভাৰত- ভূটান সীমান্তৱৰ্তী চিব্ৰুবাৰীৰ বিচন গয়াৰী নামৰ লোকজনৰ খেতিপথাৰত দৈনিক বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আহিছিল। বনাঞ্চলৰ পৰা ওলাই অহা হাতীয়ে তহিলং কৰি আহিছিল ধান খেতিৰ লগতে বাৰীৰ তামোল নাৰিকল। তাতেই খঙত অগ্নিশৰ্মা হৈ পৰিছিল কৃষক বিচন গয়াৰী আৰু সংযোগ কৰিছিল বিদ্যুৎ সংযোগী তাঁৰ। পিছে দুৰ্ভাগ্যজনকভাৱে নিশা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা এটা হাতী বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক আকোঁৱালি লয়৷
উল্লেখযোগ্য যে, বিচন গয়াৰীয়ে বিষয়টো গাপ দিবলৈ হাতীটোৰ ঠেং পৰ্যন্ত কাটি পুতি থোৱাৰ প্ৰচেষ্টা চলাইছিল যদিও ঘটনাটো ৰাইজে জানিব পাৰি আজি বন বিভাগক খবৰ দিয়ে৷ ঘটনাৰ খবৰ পাই আজি পুৱা বন বিভাগৰ লোক উপস্থিত হয় ঘটনাস্থলীত৷ ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ সময়তে হত্যাকাৰী বিচন গয়াৰীয়ে নিকাছি আৰক্ষী চকীত আত্মসমৰ্পণ কৰে।
হত্যাকাৰী বিচন গয়াৰীয়ে জানিব দিয়া মতে মুৰৰ ঘাম মাটিত পেলাই কৰা খেতিডৰা দৈনিক হাতীয়ে অনিষ্ট কৰাত উপায়ন্তৰ হৈ বেটাৰীত বিদ্যুতৎ সংযোগ কৰিছিল। যাৰবাবে হাতীটো মৃত্যমুখত পৰে। তেওঁ কয় যে বিষয়টো গাপ দিয়াৰ বাবে নিজে গাঁত খান্দি পোতাৰ চেষ্টা কৰিছিল৷ পিছে তেওঁ অকলে নোৱাৰি ৰাইজক জনাইছিল আৰু ৰাইজৰ পৰামৰ্শ মতে আত্মসমৰ্পণ কৰিছে। লক্ষণীয়ভাৱে, সীমান্ত অঞ্চলত দৈনিক বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই ঘৰ-বাৰী অনিষ্ট কৰি অহাৰ লগতে বিস্তৰ পৰিমাণৰ খেতিবাতিও অনিষ্ট কৰি আহিছে৷ আনকি কেইবাজনো লোকৰ হাতীৰ আক্ৰমণত ইতিপূৰ্বে মৃত্যুও হৈছে।
Published by: Subham Goswami
FIRST PUBLISHED : September 18, 2022, 19:44 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।