মুখ্যপৃষ্ঠা »খবৰ »অসম »সমৰ কলাৰে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলিছে এগৰাকী অসম কন্যা, Pride of India Award 2023 ৰেও সন্মানিত খেলুৱৈগৰাকী

সমৰ কলাৰে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলিছে এগৰাকী অসম কন্যা, Pride of India Award 2023 ৰেও সন্মানিত খেলুৱৈগৰাকী

গুৱাহাটী মহানগৰীৰ পাণ্ডু নিবাসী অস্মিতা পালে সমৰ কলাৰ জৰিয়তে কেইবাটাও ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পদক লাভ কৰিছে।

গুৱাহাটী মহানগৰীৰ পাণ্ডু নিবাসী অস্মিতা পালে সমৰ কলাৰ জৰিয়তে কেইবাটাও ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পদক লাভ কৰিছে।

অলপতে নতুন দিল্লীত "প্ৰাইড অফ ইণ্ডিয়া বঁটা ২০২৩" ৰে সন্মানিত কৰা হয় খেলুৱৈগৰাকীক। পূৰ্বেও মাৰ্শাল আৰ্টত কেইবাটাও ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় পদক বিজয়েৰে অসমলৈ গৌৰৱ কঢ়িয়াইছে অস্মিতাই।

  • Share this:

সমৰ কলাৰে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলিছে এগৰাকী অসম কন্যা। ভাৰতীয় যুৱ আৰু ক্ৰীড়া বিভাগৰ ২০২৩ বৰ্ষৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰি গৌৰৱ কঢ়িয়াই আনিলে গুৱাহাটী মহানগৰীৰ পাণ্ডুৰ এগৰাকী যুৱতীয়ে।


উল্লেখযোগ্য় যে, গুৱাহাটী মহানগৰীৰ পাণ্ডু নিবাসী অস্মিতা পালে সমৰ কলাৰ জৰিয়তে কেইবাটাও ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পদক লাভ কৰিছে। শেহতীয়াকৈ ২০২৩ বৰ্ষৰ "প্ৰাইড অফ ইণ্ডিয়া বঁটা" লাভ কৰিছে এথলীট অস্মিতা পালে।


অলপতে নতুন দিল্লীত "প্ৰাইড অফ ইণ্ডিয়া বঁটা ২০২৩" ৰে সন্মানিত কৰা হয় খেলুৱৈ গৰাকীক। পূৰ্বেও মাৰ্শাল আৰ্টত কেইবাটাও ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় পদক বিজয়েৰে অসমলৈ গৌৰৱ কঢ়িয়াইছে অস্মিতাই। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰবাৰ অসমৰ নাম উজ্বলোৱা অস্মিতাক ৰাজ্য চৰকাৰৰ ফালৰ পৰা জনোৱা হয় সম্বৰ্দ্ধনা।  কামৰূপ মহানগৰ জিলাৰ সমাজ কল্যাণ বিষয়া দেৱজিৎ বৰাই 'প্ৰাইড অৱ ইণ্ডিয়া' বঁটা বিজয়ী অস্মিতা পালক  ৰাষ্ট্ৰীয় কৃতিত্বৰ বাবে সম্বৰ্দ্ধনা জনায়।


আশিস পাল আৰু মাধৱী পালৰ কন্যা অস্মিতা পালে পূৰ্বে দেশক প্ৰতিনিধিত্ব কৰি নেপালত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত ৰূপৰ আৰু ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে খেলুৱৈগৰাকীয়ে। উল্লেখযোগ্য যে, ইংৰাজী ভাষাত "কনকলতা বৰুৱা- পাহৰি যোৱা অসমৰ কিশোৰ শ্বহীদ" শীৰ্ষক এখন গ্ৰন্থ লিখি সমগ্ৰ দেশৰ যুৱ প্ৰজন্মৰ মাজত কনকলতা বৰুৱাৰ সাহসী জীৱন কাহিনী জনপ্ৰিয় কৰিবলৈ প্ৰয়াস কৰিছিল এইগৰাকী এথলীটে।

শেহতীয়া বাতৰি