মুখ্যপৃষ্ঠা »খবৰ »অসম »Nagaon: দিন-দুপৰতে নগাঁৱৰ মাৰোৱাৰী পট্টিত এগৰাকী অসমীয়া ব্যৱসায়িক গুৰুলা-গুৰুলকৈ প্ৰহাৰ

Nagaon: দিন-দুপৰতে নগাঁৱৰ মাৰোৱাৰী পট্টিত এগৰাকী অসমীয়া ব্যৱসায়িক গুৰুলা-গুৰুলকৈ প্ৰহাৰ

 মূৰতাজা কালাম আজাদ নামৰ যুৱ কংগ্ৰেছৰ নেতাই কৰে এই কাণ্ড

মূৰতাজা কালাম আজাদ নামৰ যুৱ কংগ্ৰেছৰ নেতাই কৰে এই কাণ্ড

মূৰতাজা কালাম আজাদ নামৰ যুৱ কংগ্ৰেছৰ নেতাই কৰে এই কাণ্ড

  • Share this:
দিন-দুপৰতে নগাঁও চহৰৰ মাৰোৱাৰী পট্টিত এগৰাকী অসমীয়া ব্যৱসায়িক প্ৰহাৰ কৰা ঘটনাক লৈ চহৰখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে, নগাঁও চহৰৰ মাৰোৱাৰীপট্টিৰ এঞ্জেক কম্পিউটাৰ নামৰ দোকানখনৰ স্বত্বাধিকাৰী মণ্টু দাসে পূৰ্বাঞ্চল হাৰ্ডৱেৰ নামৰ দোকানখনৰ পৰা ২০ লাখ টকাৰ সামগ্ৰী ক্ৰয় কৰিছিল। কিন্তু পূৰ্বাঞ্চল হাৰ্ডৱেৰক তেওঁ ২হাজাৰ টকা আদায় দিবলৈ থকাত তেওঁক মূৰতাজা কালাম আজাদ নামৰ যুৱ কংগ্ৰেছৰ নেতাগৰাকীয়ে ৬জুনৰ দিনৰ প্ৰায় ১১বজাত ফোনত ধমক দিয়ে।

ইয়াৰ পিছতে মূৰতাজা কালাম আজাদে ৬গৰাকী যুৱকৰ সৈতে এঞ্জেল কম্পিউটাৰত উপস্থিত হৈ মণ্টু দাসক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে। এই ঘটনাৰ সমগ্ৰ দৃশ্যাংশ বন্দী হয় এঞ্জেল কম্পিউটাৰৰ চিচিটিভিত। এই ঘটনাৰ পিছতে নগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় মূৰতাজাক আটক কৰে যদিও ৰহস্যজনকভাৱে কিছুসময়ৰ পিছতে তেওঁক জামিনত মুকলি কৰি দিয়ে (Assamese businessman beating at Nagaon)।

জানিব পৰা মতে, মূৰতাজা পূৰ্বাঞ্চল হাৰ্ডৱেৰৰ স্বত্বাধিকাৰী গুপ্তা নামৰ অনাঅসমীয়া ব্যৱসায়ী গৰাকীৰ বন্ধু হোৱাৰ বাবেই মণ্টু দাসক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে। এই ঘটনাৰ পিছতে নগাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। যুৱ কংগ্ৰেছীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা মণ্টু দাসক পৰিয়ালৰ লোকে গুৱাহাটীৰ এপ'ল' হাস্পতালত ভৰ্তি কৰোৱা হয়।

এই ঘটনাক কঠোৰভাৱে গৰিহণা দিছে বীৰ লাচিত সেনাৰ নগাঁও জিলা সমিতিয়ে। বীৰ লাচিত সেনাৰ নগাঁও জিলা সমিতিৰ সভাপতি ৰূপজ্যোতি শইকীয়াই আহত মণ্টু দাসৰ খবৰ লোৱাৰ লগতে খিলঞ্জীয়াৰ ওপৰত হোৱা আক্ৰমণ কোনো কাৰণতে সহ্য কৰা ন'হ'ব বুলিও হুংকাৰ দিছে।

শেহতীয়া বাতৰি