জোনবিল মেলাৰ আজি দ্বিতীয়টো দিন। তিনিদিনীয়া এই মেলাৰ দ্বিতীয় দিনটোত পাহাৰ আৰু ভৈয়ামৰ লোকসকলৰ মাজত বিনিময় প্ৰথাৰে বস্তুৰ আদান–প্ৰদান চলে। পুৱাৰ পৰা জোনবিলৰ পাৰ লোকে-লোকাৰণ্য হৈ পৰিছে। সকলোৱে ঐতিহাসিকভাৱে চলি অহা বিনিময় প্ৰথা পালন কৰিবলৈ উৎসাহিত হোৱা দেখিবলৈ পোৱা গৈছে।
বিনিময় বজাৰেৰে জোনবিলৰ পাৰ জিলিকি উঠিছে। আজিৰ এই বিনিময় প্ৰথাৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে শুভাৰম্ভণি কৰিলে। ইয়াৰ পিছতেই পাহাৰৰ মামা-মামীসকলৰ সৈতে ভৈয়ামৰ মামা-মামীসকলৰ পিঠা, লাৰু, জলপানৰ আদান-প্ৰদান আৰম্ভ কৰে। আধুনিক যুগৰ এই সময়ত বিনিময় প্ৰথা পৰম্পৰাগতভাৱে বৰ্তাই ৰখাৰ চেষ্টা কৰিছে জোনবিলৰ পাৰত উপস্থিত পাহাৰ–ভৈয়ামৰ মামা–মামীসকলে। জোনবিল মেলাত বিনিময় প্ৰথা চলি থকাৰ সময়ত কিছুসময়ৰ বাবে জোনবিলৰ পাৰত আধুনিক মূদ্ৰাৰ প্ৰচলন স্তব্ধ হৈ পৰিছে।
উল্লেখযোগ্য যে, আজি জোনবিল মেলাত পুৱা ১০ বাজি ৩০ মিনিটত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হ’ব। মুখ্যমন্ত্ৰীয়ে তিৱা ৰজাসকলৰ বাৰ্ষিক ৰাজভাট্টা প্ৰদান কৰিব বুলি মেলা পৰিচালনা সমিতিৰ পৰা জানিব পৰা গৈছে।
জোনবিল মেলা বিশেষকৈ তিৱা জনগোষ্ঠীৰ মাজত প্ৰচলিত এক পম্পৰাগত মেলা। এই মেলাত বৰ্তমান অন্যান্য জনগোষ্ঠীয় লোকেও ভাগ লয়। মৰিগাঁৱৰ জাগীৰোডস্থিত জোনবিলৰ পাৰত অসমৰ ধেমাজি, মাজুলী, লখিমপুৰ, কাৰ্বি আংলং আদি বিভিন্ন স্থানৰ পৰা সা-সামগ্ৰীলৈ লোকসকল আহিছে। পাহাৰৰ আদা, হালধি, কচু, পাহাৰীয়া আলু আদি ভৈয়ামৰ লোকসকলে নিজে প্ৰস্তুত কৰা চিৰা-পিঠা, শুকান মাছ আদিৰ সৈতে বিনিময় কৰা হয়। জোনবিলৰ পাৰত বিভিন্ন পৰম্পৰাগত আৰু জনগোষ্ঠীয় খাদ্য আৰু থলুৱা পানীয়ৰ লগতে অন্যান্য সা–সামগ্ৰীও উপলব্ধ হৈছে।
ইয়াৰোপৰি গোভাৰজাৰ জোনবিল মেলাত খাদ্যৰ বিনিময়ৰ উপৰিও নৃত্য–গীত আদিও থাকিব।
Published by: Sehnaz Begum
FIRST PUBLISHED : January 20, 2023, 14:08 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।