বৃহস্পতিবাৰে পুৱাই গুৱাহাটী মহানগৰীৰ মালিগাঁৱত এক শোকাৱহ ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, ৰে'লৰ খুন্দাত প্ৰাণ গ'ল এগৰাকী ৮৫ বছৰীয়া বৃদ্ধৰ। এই ঘটনাটো মালিগাঁৱৰ নামনি কামাখ্যাৰ নাৰ্ছাৰীত সংঘটিত হৈছে। নিহত লোকজন নাৰ্ছাৰীৰ ৰামদেৱ বৈশ্য বুলি জানিব পৰা গৈছে। বৃদ্ধ লোকজনে প্ৰাতঃভ্ৰমণৰ পৰা ৰে'লপথ অতিক্ৰম কৰি ঘৰলৈ উভতাৰ সময়তেই শোকাৱহ ঘটনাটি সংঘটিত হয়।
উল্লেখ্য যে, ৰে'লৰ খুন্দাত ক্ষত-বিক্ষত হৈ পৰিল বৃদ্ধ লোকজনৰ শৰীৰ। এই দুৰ্ঘটনাৰ খবৰ পোৱাৰ মাত্ৰকেই ঘটনাস্থলীত উপস্থিত কামাখ্যা RPF, GRPFৰ দল। ৰে'ল আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ইফালে ব্যক্তিগৰাকীয়ে কাণেৰে কম শুনে বুলিও জানিব পৰা গৈছে।
মন কৰিবলগীয়া যে, নামনি কামাখ্যাৰ নাৰ্ছাৰী এনেধৰণৰ দুৰ্ঘটনা প্ৰায়েই সংঘটিত হয়। মূলতঃ নাৰ্ছাৰীৰ উন্মুক্ত ৰে'লপথেৰেই বহুলোকে কৰে নিতৌ অহা-যোৱা কৰাৰ ফলত এতিয়ালৈকে কেইবাটাও ঘটনা সংঘটিত হৈছে য'ত বিভিন্নজনে নিজৰ প্ৰাণ হেৰুৱাইছে।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|