গৰুখুটি কাণ্ডৰ প্ৰকৃত সত্যৰ পৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)ক আঁতৰাই ৰখাৰ অভিযোগ কৰিছে আমছু (AMSU)ৱে ৷ সমগ্ৰ ঘটনা গাপ দি মুখ্যমন্ত্ৰী ড° শৰ্মাক বিপথে পৰিচালনাৰ ষড়যন্ত্ৰৰ অভিযোগ সংগঠনটোৰ ৷ চিৰাঙত এক সংবাদমেলৰ আয়োজন কৰি আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে কয় যে পূৰ্বৰ পৰাই উচ্ছেদৰ কামত জিলা প্ৰসাসন আৰু চৰকাৰক আমছুৱে সহযোগ কৰি আহিছে। উচ্ছেদত ৰাইজৰ সৈতে প্ৰশাসনৰ সংঘাত নোহোৱা কৰিবলৈ বুজা-পৰা আৰু আলাপ-আলোচনাৰ মাজতে বিষয়সমুহ মীমাংসা কৰি আহিছে ।
গৰুখুটি কাণ্ডত আমছুৰ দুই নেতাই উচটনি দিয়া বুলি মুখ্যমন্ত্ৰী ড° শৰ্মাই আগবঢ়োৱা মন্তব্য সত্য নহয় বুলি উল্লেখ কৰি আমছু সভাপতি সৰকাৰে কয় যে মুখ্যমন্ত্ৰীয়ে আমছুৰ দুই নেতা আব্দুল ৰহমান বিশ্বাস আৰু আইনুদ্দিন আহমেদে কোনো ধৰণৰ উচটনি দিয়া নাছিল ৷ ঘটনাৰ দিনা আব্দুল ৰহমান ঘটনাস্থলীতে নথকাৰ বিপৰীতে আইনুদ্দিন আহমেদ বাৰ বজাৰ পিছতহে ঘটনাস্থলীত উপস্থিত হৈ প্ৰশাসনক সহযোগ কৰি ৰাইজক বুজাইছিল ৷ আইনুদ্দিন আহমেদ সেই স্থান ত্যাগ কৰাৰ এঘণ্টাৰ পিছতহে সমগ্ৰ ঘটনা সংঘটিত হৈছিল ৷ এনেক্ষেত্ৰত জিলা প্ৰশাসনে নিজৰ দোষ গাপ দিবলৈ মুখ্যমন্ত্ৰীক ভিত্তিহীন তথ্যৰে বিপথে পৰিচালনাৰ চেষ্টা চলোৱাৰ অভিযোগ সংগঠনটোৰ ৷
আনহাতে গৰুখুটিৰ উচ্ছেদ বন্ধ কৰাৰ নামত ধন সংগ্ৰহত আমছু নেতা কোনোপধ্যে জৰিত নহয় বুলি আমছু সভাপতি সৰকাৰে স্পষ্ট কৰি দিয়ে ৷ ধন সংগ্ৰহৰ ঘটনা চৰকাৰক তদন্ত কৰাৰ বাবে দাবী জনাই আমছু জৰিত থকাৰ তথ্য পালে গ্ৰেপ্তাৰ বৰণ কৰিবলৈ সাজু বুলিও সৰকাৰে মন্তব্য কৰে ৷
আনহাতে আমছুত তালিবান (Taliban) আৰু পাকিস্তান (Pakistan)ৰ সমৰ্থক থকা বুলি ন্ত্ৰী পীযুষ হাজৰিকাই মন্তব্য কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে আমছু সভাপতি ৰেজাউল কৰিম সৰকাৰে ৷ আমছুত থকা তালিবান আৰু পাকিস্তানী সমৰ্থকক ২৪ ঘণ্টাৰ ভিতৰত চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিবলৈ সংগঠনটোৰ তৰফৰ পৰা প্ৰত্যাহ্বান জনায়। মন্ত্ৰী পীযুষ হাজৰিকাক(Pijush Hazrika)ক সম্প্ৰদায়িক ৰাজনৈতিক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ সংগঠনটোৱে সকীয়াই দিয়ে।
Published by: Manjumoni Borah
FIRST PUBLISHED : September 26, 2021, 14:31 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।