দুটা নাম ব্যৱহাৰ কৰা মহানগৰৰ ব্যৱসায়ীৰ পাৰ্টীত গুলীবিদ্ধ মডেল কোন?

News18-Assam
Updated:July 5, 2019, 6:17 PM IST
দুটা নাম ব্যৱহাৰ কৰা মহানগৰৰ ব্যৱসায়ীৰ পাৰ্টীত গুলীবিদ্ধ মডেল কোন?
কিন্তু কোন এইগৰাকী ৰহস্যময়ী যুৱতী, সম্পূৰ্ণ বিষয়টো এতিয়া ৰহস্যৰ আৱৰ্তত!

কিন্তু কোন এইগৰাকী ৰহস্যময়ী যুৱতী, সম্পূৰ্ণ বিষয়টো এতিয়া ৰহস্যৰ আৱৰ্তত!

  • Share this:
‘বুধবাৰে নিশা প্ৰায় ১১.৩০ বজাত মহানগৰৰ নাৰায়না ছুপাৰ স্পিচিয়েলিটি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল এগৰাকী গুলীবিদ্ধ মডেল। কিন্তু কেনেকৈ যুৱতীগৰাকী গুলীবিদ্ধ হ’ল,সেই কথা গাপ হিয়াৰ চেষ্টা কৰে যুৱতীগৰাকীয়ে। যুৱতীগৰাকীৰ পৰিচয় দিয়াৰ পৰা বিৰত থাকে চিকিৎসালয় কৰ্তৃপক্ষও!’

কিন্তু কোন এইগৰাকী ৰহস্যময়ী যুৱতী, সম্পূৰ্ণ বিষয়টো এতিয়া ৰহস্যৰ আৱৰ্তত! সেইসময়তে এতিয়া NEWS18ৰ হাতত আহি পৰিছে কিছুমান বিস্ফোৰক তথ্য। গুলীবিদ্ধ যুৱতীগৰাকীয়ে ব্যৱহাৰ কৰিছিল দটা নাম! চিকিৎসালয়ৰ প্ৰৱেশদ্বাৰত ৱাহিদা বেগম আৰু চিকিৎসকৰ সন্মুখত সুহানা লস্কৰ বুলি দিছিল নিজৰ পৰিচয়।



কিন্তু এই ৱাহিদা বেগম আচলতে কোন

গুৱাহাটীৰ ছয়মাইলত থকা ৱাহিদাৰ প্ৰকৃত ঘৰ শিলচৰত। বৰ্তমান অসম চৰকাৰৰ জলসিঞ্চন বিভাগত কৰ্মৰত ৱাহিদা বেগম।

কেনেকৈ সংঘটিত হৈছিল এই ঘটনা

সেইদিনা আছিল বুধবাৰ। সেইদিনা নিশা আমচৈ চাহ বাগিছাৰ এটা বাংলোত চলিছিল সুন্দৰী আৰু সুৰাৰে এক ব্যৱসায়ীৰ পাৰ্টী! কিন্তু পাৰ্টীৰ মাজতে কোনো কথাত তৰ্কা তৰ্কি হোৱাৰ পিছতে বাংলোটোত সংঘটিত হয় গুলীচালনাৰ ঘটনা।বহু বিতৰ্কিত আমচৈ চাহবাগিচাত সংঘটিত হোৱা শিহৰণকাৰী ঘটনাটো  ঘটিছিল বিতৰ্কিত ব্যৱসায়ী ৰাজেশ হিম্মত্‍‍সিংকাৰ আমচৈৰ বাংল’ত! কিন্তু এই সম্পূৰ্ণ তথ্য অস্বীকাৰ কৰিছে  ব্যৱসায়ী ৰাজেশ হিম্মত্‍‍সিংকাই। ঘটনা সন্দৰ্ভত হিম্মত্‍‍সিংকাই আঙুলী টুৱাইছে নিজৰ জোঁৱায়েকলৈ।

আমচৈ চাহ বাগিচাত গুলীবিদ্ধ মডেলগৰাকীক এটা যুৱকৰ দলে প্ৰথমে ভৰ্তি কৰাইছিল নেলীৰ এখন চিকিৎসালয়ত। কিন্তু ঘটনা সন্দৰ্ভত চিকিৎসালয়ত আৰক্ষী উপস্থিত হোৱাত পলায়ন কৰে দলটোৱে। ইয়াৰ পিছতে গুৱাহাটীৰ নাৰায়না ছুপাৰ স্পিচিয়েলিটি চিকিৎসালয়লৈ অনা হয় গুলীবিদ্ধ যূৱতীগৰাকী।

 

কিয় সংঘটিত হ’ল এই বিবাদ

এতিয়া সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তত! প্ৰেম নে অন্য কোনো কাৰণত সংঘটিত হ’ল এই গুলীচালনা ঘটনা!
First published: July 5, 2019, 6:17 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি