মুখ্যপৃষ্ঠা »খবৰ »অসম »হোজাই কাণ্ডৰ প্ৰতিবাদ অসম চিকিৎসা সেৱা সংস্থাৰ, কাইলৈ বন্ধ ৰাখিব বহিঃবিভাগ

হোজাই কাণ্ডৰ প্ৰতিবাদ অসম চিকিৎসা সেৱা সংস্থাৰ, কাইলৈ বন্ধ ৰাখিব বহিঃবিভাগ

  • Share this:

হোজাইত চিকিৎসকক আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত কাইলৈ সমগ্ৰ অসমত বহিঃবিভাগৰ চিকিৎসা সেৱা বন্ধ ৰাখিব অসম চিকিৎসা সেৱা সংস্থাই। এক বিবৃতিযোগে সংস্থাটোৰ সভাপতি আৰু সাধাৰণ সম্পদকে এই কথা উল্লেখ কৰে। ইয়াৰ লগতে জৰুৰীকালীন সেৱা আৰু কোভিড কেন্দ্ৰত কৰ্তব্যৰত চিকিৎসা কৰ্মীসকলে পৰিধান কৰিব ক'লা বেজ। সংস্থাটোৱে হোজাইৰ চিকিৎসকক আক্ৰমণত জড়িত আটাইকেইগৰাকী দুৰ্বৃত্তক কৰায়ত্ত কৰি উপযুক্ত শাস্তি বিহাৰ দাবী উত্থাপন কৰে।


ইয়াৰ লগতে সকলো চিকিৎসালয়ত নিৰাপত্তাৰ বাবে অসম স্বাস্থ্য সুৰক্ষা বাহিনীৰ ব্যৱস্থা ল'ব লাগে বুলি দাবী কৰে। আনহাতে, সংস্থাটোৱে এনে ঘটনাৰ পুনৰাবৃত্তি হ'লে অসমত সকলো প্ৰকাৰৰ চিকিৎসা সেৱা বৰ্জন কৰিব বুলিও সকীয়াই দিয়ে।

শেহতীয়া বাতৰি