অগ্ৰদূত ভৱনত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱীৰ অংশগ্ৰহণ
অগ্ৰদূত ভৱনত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱীৰ অংশগ্ৰহণ
অমৃত নিউজ ৰাজ্যিক বঁটা লাভ কৰে বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকাই (Kanak Sen Deka)। মহানগৰীৰ অগ্ৰদূত ভৱনত অনুষ্ঠিত অমৃত নিউজৰ বিশেষ বঁটা প্ৰদান অনুষ্ঠানত দৈনিক অগ্ৰদূত কাকতৰ মুখ্য সম্পাদকগৰাকীক ৰাজ্যিক বঁটা প্ৰদান কৰে। ইফালে অমৃত নিউজ গোষ্ঠীয়ে জনসেৱা বঁটা আৰু সমাজ সেৱা বঁটা প্ৰদান কৰে ক্ৰমে লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত ৰাজেশ কেম্পাই আৰু দক্ষ ক্ৰীড়া সংগঠক কৈলাশ শৰ্মাক।
কনকসেন ডেকা, ৰাজেশ কেম্পাই আৰু কৈলাশ শৰ্মা (Kailash Sarma) ক বঁটা প্ৰদান কৰা অনুষ্ঠানটোত অতিথি হিচাপে উপস্থিত আছিল অসম সাহিত্য সভাৰ উপ সভানেত্ৰী মৃণালিনী দেৱী (Mrinalini Devi), অমৃত নিউজৰ মুখ্য সম্পাদক দয়ানন্দ পাঠক, নিউজ প্ৰতিষ্ঠানটোৰ সম্পাদক হীৰেন কলিতা। বঁটা লাভ কৰি বিশিষ্ট সাহিত্যিক কনকসেন ডেকাই কয় যে এনেধৰণৰ বঁটাই তেওঁক কাম কৰি যোৱাত এতিয়াও মনোবল দুগুণে বৃদ্ধি কৰে। মৃণালিনী দেৱীয়েও কনকসেন ডেকাৰ সাংবাদিকতাৰ অৱদানৰ বিষয়ে বৰ্ণনা কৰে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|