News18 AssamNews18 Assam
|
News18-Assam Updated:May 21, 2020, 5:13 PM IST
বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনালে।
বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনালে।
ধুবুৰীৰ দক্ষিণ-পূব দিশত ঘণ্টাত ১১০ কিলোমিটাৰ গতি বেগত আমফান ঘূৰ্ণি বতাহে প্ৰৱেশ কৰি ৬ ঘণ্টাৰ ভিতৰত বাংলাদেশৰ দক্ষিণ -পূব দিশত শক্তিহীন হ’ব। হ্ৰাস পাব চুপাৰ চাইক্লন আমফান ঘূৰ্ণী বতাহৰ প্ৰকোপ। পশ্চিম বংগ আৰু ওড়িশাত ধ্বংসলীলা চলোৱা আমফান ঘূৰ্ণীবতাহৰ উত্তৰ পূৰ্বাঞ্চলত প্ৰলয়ংকাৰী প্ৰভাৱ নপৰে যদিও বতাহ–বৰষুণে প্ৰতিকুল পৰিৱেশৰ সৃষ্টি ইতিমধ্যেই কৰিছে ঠায়ে ঠায়ে। বৃহস্পতি বাৰে অসম আৰু মেঘালয়ৰ পশ্চিম দিশত প্ৰায় ৫০/৬০ কিলোমিটাৰ গতি বেগত ধুমুহা অহাৰ লগতে আজিৰ দিনটোত অসম, মেঘালয়ৰ আৰু অৰুণাচল প্ৰদেশৰ কিছু কিছু ঠাইত ধাৰাসাৰ বৰষুণ অব্যাহত থকাৰ পূৰ্বানুমান। এই আগজাননী সদৰি কৰিছে বৰঝাৰ স্থিত অঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।