মুখ্যপৃষ্ঠা »খবৰ »অসম »Amit Shah Assam Visit: ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিলে নিয়োগ প্ৰায় নিশ্চিতঃ অমিত শ্বাহ

Amit Shah Assam Visit: ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিলে নিয়োগ প্ৰায় নিশ্চিতঃ অমিত শ্বাহ

এদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰিলে ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ ৷

এদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰিলে ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ ৷

এদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰিলে ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ ৷

  • Share this:
এদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰিলে ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ ৷ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক অনুষ্ঠানৰ পৰা  কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ভাৰ্চুৱেলী যোগে স্থাপন কৰে এই শিলান্যাস ৷ চাংসাৰীৰ ৫১ একৰ ভূমি সামৰি স্থাপন হ'ব NFSU ৰ চৌহদ ৷

প্ৰায় ৩০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব NFSUৰ চৌহদ ৷ ২০৩০ ৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য NFSUৰ চৌহদৰ ৷ প্ৰথম পৰ্যায়ৰ নিৰ্মাণ সম্পূৰ্ণ হ'ব ২০২৬ চনৰ ভিতৰত৷ NFSUৰ চৌহদত থাকিব বিভিন্ন বিভাগৰ ৩ হাজাৰখন আসন ৷ দেশৰ বিভিন্ন ৰাজ্যৰ আৰক্ষী-নিৰাপত্তাৰক্ষীৰ প্ৰশিক্ষণৰো ব্যৱস্থা ৷

উল্লেখ্য যে NFSUৰ চৌহদত ফৰেনচিক বিজ্ঞান, ছাইবাৰ ফৰেনচিক, ড্ৰ'ন ফৰেনচিক, ডিজিটেল ফৰেনচিক, নিচাজাতীয় ফৰেনচিক, ফৰেনচিক ন্যায় আদি বিভাগ পাঠ্যক্ৰম ৷ সৰ্বমুঠ ৫০টা বিষয়ত স্নাতক, স্নাতকোত্তৰ পাঠ্যক্ৰমৰ সুবিধা ৷ লগতে পিএইছডি আৰু পোষ্ট ডক্টৰেলৰো সুবিধা থাকিব NFSUৰ চৌহদত ৷

বিশ্ববিদ্যালয়খনৰ এই পাঠ্যক্ৰমৰ জৰিয়তে উত্তৰ–পূবৰ যুৱক–যুৱতীৰ নিয়োগ সৃষ্টিৰ বাট মুকলি হ'ব ৷ কিয়নো NFSUত অধ্যয়ন কৰা যুৱক–যুৱতীৰ চাকৰি প্ৰায় নিশ্চিত বুলি মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৷ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে লগতে কয় যে উত্তৰ–পূবৰ বাবে আজি এটা গুৰুত্বপূৰ্ণ দিন ৷

উত্তৰ পূবৰ শিক্ষাৰ্থীয়ে দিল্লী, মুম্বাই নজোৱাকৈ এতিয়া গুৱাহাটীত থাকি ফৰেনছিক বিজ্ঞানৰ শিক্ষা ল'ব পাৰিব ৷ ফৰেনচিক বিশ্ববিদ্যালয়ৰ জৰিয়তে ন্যায় ব্যৱস্থাৰ ক্ষেত্ৰত এক সেতু স্থাপন হব ৷

এই বিশ্ববিদ্যালয়ৰ বাবে অসম চৰকাৰে ভূমি প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰী ধন্যবাদ গৃহমন্ত্ৰীৰ ৷ কিয়নো অপৰাধজনিত ঘটনা নিয়ন্ত্ৰণৰ ফৰেনছিক তথ্যৰ অত্যন্ত প্ৰয়োজন, যাৰ জৰিয়তে দোষী সাব্যস্ত কৰাত সহজ হয় ৷ এনেক্ষেত্ৰত অচিৰেই ঘটনাত ফৰেনচিক দল উপস্থিত বাধ্যতামূলক কৰা হ'ব বুলিও মন্তব্য কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীৰ ৷

শেহতীয়া বাতৰি