‘আহিবলগীয়া পাঁচ বছৰত আৰু বহ কাম কৰিবলৈ বাকী আছে। বান সমস্যাৰ সমাধান নোহোৱা পৰ্যন্ত স্তব্ধ নহয় অসমৰ উন্নয়নৰ গতি। ২০২১ত পুনৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হ’ব। গঠন কৰিব একক সংখ্যাগৰিষ্ঠ চৰকাৰ। নিৰ্বাচনৰ দিন চমু চাপি আহিছে, বহু মানুহ আহিব আৰু আন্দোলনৰ দিশলৈ লৈ যাব আপোনালোকক। মুখা পিন্ধি অহা সকলক মই সুধিবলৈ আহিছো, বিকাশ দিব পাৰিবনে ৰং সলোৱা সকলে?’- আমিনগাঁৱত বিশাল জনসভাক সম্বোধন কৰি উদাত্ত ভাষণ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ।
অমিত শ্বাহে লগতে কয় যে,‘ গড় ৰক্ষা কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে ভাল কাম কৰিছে।কংগ্ৰেছ চৰকাৰৰ দিনত গড় ৰক্ষা কৰিব কৰা নাছিল। বিজেপিৰ দিনত গড় হত্যা বন্ধ হল,গড় চিকাৰী নাইকিয়া হ’ল। অনুপ্ৰৱেশ বিজেপি চৰকাৰহে ৰখাব পাৰিব।’
‘ভূপেন হাজৰিকাক কোনো সন্মান দিয়া নাছিল।কিন্তু মোদীয়ে ভাৰত ৰত্ন সন্মান প্ৰদান কৰিলে। অসমক ৬বছৰত মাহী আইৰ চকুৰে চোৱা নাই। অসমৰ উন্নয়নৰ বাবে বিজেপিয়ে সকলো ধৰণৰ চেষ্টা অব্যাহত ৰাখিছে। বড়ো আন্দোলনৰ সৈতে বুজাবুজি কৰি শান্তি অনাৰ কাম প্ৰধানমন্ত্ৰীয়ে কৰিছে। মোদীয়ে ৩০ বাৰ উত্তৰ-পূব ভ্ৰমণ কৰিছে। আৰু প্ৰত্যেকবাৰেই উপহাৰ লৈ আহিছে। যুৱ শক্তিয়ে বিশ্ব শক্তিৰ লগত আগবঢ়াই যোৱাকৈ কাম কৰিছে।’
বটদ্ৰৱা থানৰ প্ৰসংগত অমিত শ্বাহে কয় যে, ‘বৰদোৱা থানৰ জৰিয়তে অসমৰ এক পৰিচয় দিছিল শংকৰদেৱে। কিন্তু কংগ্ৰেছে কোনো গুৰুত্ব দিয়া নাই। অসমীয়া সাহিত্য অবিহনে ভাৰতীয় কলা অসম্ভৱ। বিদেশীক বাহিৰ কৰি মুখ্যমন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিদেশীমুক্ত কৰিলে। বৰদোৱা থানৰ উন্নয়নৰ বাবে ১৫৫ কোটি টকা ভাৰত চৰকাৰে আগবঢ়াইছে।মোদীৰ দিনত দেশত উন্নয়ন হ’ব।’
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|