• Home
  • »
  • News
  • »
  • assam
  • »
  • Amit Shah : অমিত শ্বাহৰ অসম ভ্ৰমণ, ক’ত কি কাৰ্যসূচীত অংশ ল’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে?

Amit Shah : অমিত শ্বাহৰ অসম ভ্ৰমণ, ক’ত কি কাৰ্যসূচীত অংশ ল’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে?

নিশা লোকপ্ৰিয় গোপীনাথ আন্তৰ্জাতিক বিমানবন্দৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

নিশা লোকপ্ৰিয় গোপীনাথ আন্তৰ্জাতিক বিমানবন্দৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

নিশা লোকপ্ৰিয় গোপীনাথ আন্তৰ্জাতিক বিমানবন্দৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

  • Share this:
দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। নিশা লোকপ্ৰিয় গোপীনাথ আন্তৰ্জাতিক বিমানবন্দৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ লগতে কেইবাগৰাকীও জ্যেষ্ঠ বিজেপি নেতাও উপস্থিত আছিল বিমানবন্দৰত।

অমিত শ্বাহৰ আগমনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি লিখিছে, ‘‘গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত গৃহমন্ত্ৰী অমিত শ্বাহক আধৰণি জনাই গৌৰৱ অনুভৱ কৰিছো। গৃহমন্ত্ৰীয়ে আগন্তুক দুটা দিন অসমত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। আমি সদায় তেওঁৰ উদাৰ মাৰ্গদৰ্শন ধন্য। এতিয়া তেওঁৰ অমূল্য মাৰ্গদৰ্শনৰ অপেক্ষাত আছো।’’

অমিত শ্বাহে এই ভ্ৰমণক লৈ ছচিয়েল মিডিয়াত লিখিছে – মা কামাখ্যা দেৱীৰ মহান ভূমি অসমলৈ যোৱাটো সদায় এক বিশেষ অনুভৱ। নিজৰ দুদিনীয়া ভ্ৰমণ সূচীত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে উৎসুক।

আজি বিএছএফৰ মানকাচৰ সীমা চকীত উপস্থিত হ’ব অমিত শ্বাহ

গৃহ মন্ত্ৰীগৰাকীয়ে সোমবাৰে অৰ্থাৎ আজি বিএছএফৰ মানকাচৰ সীমা চকীত উপস্থিত হৈ জোৱানসকলৰ সৈতে মিলিত হ’ব। ইয়াৰ উপৰি তামুলপুৰ জিলাত চেন্ট্ৰেল আৰ্মড পেৰামিলিটেৰী ফ’ৰ্চ (CAPF)ৰ বাবে চেন্ট্ৰেল ৱৰ্কশ্বপ আৰু ষ্ট’ৰৰ আধাৰশিলা স্থাপন কৰিব।

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এবছৰ সম্পূৰ্ণ 

১০ মে’ অৰ্থাৎ কাইলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অসমত এবছৰ সম্পূৰ্ণ হ’ব। এই উপলক্ষে অমিত শ্বাহে গুৱাহাটীৰ খানাপাৰা খেলপথাৰত এক ৰেলীক সম্বোধন কৰিব। লগতে কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। লগতে ছুপাৰ স্পেচিয়েলিটী হাস্পতাল আৰু নেচনেল ফৰেনছিক ছায়েন্স ইউনিভাৰ্ছিটীৰ উদ্বোধন কৰিব।
Published by:Sanjay Kumar Das
First published: