মুখ্যপৃষ্ঠা »খবৰ »অসম »Union minister Amit Shah : উত্তৰ–পূবৰ মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালকপ্ৰধানৰ উপস্থিতিত ৪০ হাজাৰ কিলোগ্ৰাম ড্ৰাগছ নষ্ট অমিত শ্বাহৰ

Union minister Amit Shah : উত্তৰ–পূবৰ মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালকপ্ৰধানৰ উপস্থিতিত ৪০ হাজাৰ কিলোগ্ৰাম ড্ৰাগছ নষ্ট অমিত শ্বাহৰ

শ্বাহে ভাষণত উল্লেখ কৰে যে উত্তৰ–পূবত ড্ৰাগছৰ বিৰুদ্ধে যুঁজ আৰম্ভ হৈছে।

শ্বাহে ভাষণত উল্লেখ কৰে যে উত্তৰ–পূবত ড্ৰাগছৰ বিৰুদ্ধে যুঁজ আৰম্ভ হৈছে।

  • Share this:
কেইবাটাও কাৰ্যসূচী লৈ অসম ভ্ৰমণলৈ অহা বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব তথা গৃহমন্ত্ৰী অমিত শ্বাহ আৰু জেপি নাড্ডাই আজি বিজেপিৰ ৰাজ্যিক কাৰ্যালয় উদ্বোধন কৰাৰ লগতে কাৰ্যকৰ্তা সন্মিলনত অংশ লয়। ইয়াৰ পিছত আন এটা গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে গৃহমন্ত্ৰী অমিত শ্বাহে।

গৃহমন্ত্ৰীগৰাকীয়ে খানাপাৰাৰ প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ''ড্ৰাগছ সৰবৰাহ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা'' (Drugs trafficking and national security) শীৰ্ষক বৈঠকত উত্তৰ–পূবৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালকপ্ৰধানৰ লগতে প্ৰশাসনীয় বিষয়াবৰ্গৰ উপস্থিতিত প্ৰায় ৪০ হাজাৰ কিলোগ্ৰাম ড্ৰাগছ ভাৰ্চুৱেলী নষ্ট কৰে।

শ্বাহে ভাষণত উল্লেখ কৰে যে উত্তৰ–পূবত ড্ৰাগছৰ বিৰুদ্ধে যুঁজ আৰম্ভ হৈছে। এই অঞ্চললৈ আফগানিস্তান, ম্যানমাৰৰ পৰাই ড্ৰাগছ সৰবৰাহ হয় বুলি উল্লেখ কৰি তেওঁ
বৰ্তমানলৈকে ডেৰ লাখ কিলোগ্ৰাম ড্ৰাগছ নষ্ট কৰাৰ বিষয়ে জানিবলৈ দিয়ে। শ্বাহে কয়– ''ড্ৰাগছ মুক্ত ভাৰতৰ লক্ষ্য বিজেপিৰ। ক’৸লা ধন ৰোধ কৰিব পাৰিলেহি ড্ৰাগছ সৰবৰাহ বন্ধ হ’ব।''

শেহতীয়া বাতৰি