‘প্ৰতিবেদন দাখিলৰ এসপ্তাহৰ ভিতৰত অসম চুক্তিৰ ৬ নং দফাক দিয়া হ’ব সাংবিধানিক ময্যদা’

News18 Assam | News18-Assam
Updated:November 30, 2019, 12:18 PM IST
‘প্ৰতিবেদন দাখিলৰ এসপ্তাহৰ ভিতৰত অসম চুক্তিৰ ৬ নং দফাক দিয়া হ’ব সাংবিধানিক ময্যদা’
অগপ, বিপিফ আৰু AIUDF ক আশ্বাস অমিত শ্বাহৰ। CAB এ ক্ষতি নকৰে উত্তৰ–পূৰ্বাঞ্চলক

অগপ, বিপিফ আৰু AIUDF ক আশ্বাস অমিত শ্বাহৰ। CAB এ ক্ষতি নকৰে উত্তৰ–পূৰ্বাঞ্চলক

  • News18 Assam
  • Last Updated: November 30, 2019, 12:18 PM IST
  • Share this:
নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসম গণ পৰিষদ, বিপিএফ, AIUDF ৰ সৈতে ভাগ লোৱা বৈঠকত দিছে বহু কেইটা গুৰুত্বপূৰ্ণ আশ্বাস। অমিত শ্বাহে আশ্বাস দিয়ে যে, প্ৰতিবেদন দাখিলৰ এসপ্তাহৰ ভিতৰত সাংবিধানিক ময্যদা দিয়া হ’ব অসম চুক্তিৰ ৬ নং দফাক। ৬ নং দফাই সুৰক্ষা দিব অসমীয়া জাতিক। সুৰক্ষিত হ’ব ভাষা, থাকিব ৰাজনৈতিক অধিকাৰ। কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে কয় যে, CAB গৃহীত কৰাৰ সময়ত প্ৰথমে অসম আৰু অসমীয়া মানুহক দিয়া হ’ব সুৰক্ষা।

উল্লেখযোগ্য যে, কথাই প্ৰতি অসম চুক্তিক ভেঙুচালি কৰা হিমন্ত বিশ্ব শৰ্মাই এতিয়া অমিত শ্বাহৰ মন্তব্যত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া হ’ব লক্ষণীয়। লগতে CAB গৃহীত কৰিবৰ বাবে অমিত শ্বাহে অসমবাসীক দিয়া প্ৰতিশ্ৰুতি ,সঁচাকৈ কাৰ্যকৰী কৰিব নে কেৱল নিৰ্বাচনী টোপ হৈ থাকিব সেয়া এতিয়া কোটি টকীয়া প্ৰশ্ন।
আৰু চাওক পৰৱৰ্তী বাতৰি