உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • তিনিদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাজ্যবাসীলৈ আনিছে বহুকেইটা সুখবৰ!

    তিনিদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাজ্যবাসীলৈ আনিছে বহুকেইটা সুখবৰ!

    উত্তৰ পূৱ ভ্ৰমণ সূচীৰে অসমলৈ আহিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ৷ তিনিদিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰে নিশা গুৱাহাটীত উপস্থিত হ’ল  কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৷

    উত্তৰ পূৱ ভ্ৰমণ সূচীৰে অসমলৈ আহিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ৷ তিনিদিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰে নিশা গুৱাহাটীত উপস্থিত হ’ল  কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৷

    উত্তৰ পূৱ ভ্ৰমণ সূচীৰে অসমলৈ আহিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ৷ তিনিদিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰে নিশা গুৱাহাটীত উপস্থিত হ’ল  কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৷

    • Share this:
    উত্তৰ পূৱ ভ্ৰমণ সূচীৰে অসমলৈ আহিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ৷ তিনিদিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰে নিশা গুৱাহাটীত উপস্থিত হ’ল  কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৷ নিশা কেন্দ্ৰীয়মন্ত্ৰীগৰাকীক বিমানবন্দৰত আদৰণি জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সহ ৰাজ্যিক বিজেপিৰ বহু শীৰ্ষ পৰ্যায়ৰ নেতাই।

    আজিৰ দিনটোত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। দিনৰ ১ বজাত অংশ ল’ব আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মা ক্ষেত্ৰত অনুষ্ঠিত হোৱা  ৰাজ্য চৰকাৰৰ এক চৰকাৰী কাৰ্য্যসূচীত ৷ অনুষ্ঠানতে আধাৰশিলা কৰিব নগাঁৱৰ পৰা বটদ্ৰৱা লৈ যোৱা চাৰিলেন যুক্ত পথৰ ৷  অসম মালাৰ আঁচনিৰ অধীনত নিৰ্মাণ হ’ব এই পথ ৷ ব্যয় প্ৰায় ২২৩  কোটি টকা ৷

    ইয়াৰ পিছতে গুৱাহাটী স্থাপন হ'বলগীয়া দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা কৰিব গৃহমন্ত্ৰীগৰাকীয়ে ৷ ভাৰতৰ ভিতৰত সুবিশাল চিকিৎসালয় ৰূপে চিহ্নিত হ’ব পানবজাৰ কালাপাহাৰত নিৰ্মাণ হ’বলগীয়া হাস্পতালখন ৷ ৮৬০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব এই প্ৰকল্প ৷

    ইপিনে ৰাজ্যত নতুনকৈ স্থাপন হ’ব ১১ খন আইন মহাবিদ্যালয় ৷  ইয়াৰে ১০ খন মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব অমিত শ্বাহে ৷ অনুষ্ঠানতে ৮ হাজাৰ নামঘৰক প্ৰদান কৰিব আঢ়ৈ লাখ টকাকৈ ৷ অনুষ্ঠানৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে এক বৈঠকত মিলিত হ’ব অমিত শ্বাহ ৷

    নিশাৰ সময়ত বিটিচিৰ নৱ নিৰ্বাচিত চৰকাৰৰ সদস্যৰ সৈতে মত বিনিময় কৰিব ৷ মত বিনিময় কৰিব উত্তৰ পূৱৰ আটাইবোৰ মিত্ৰজোঁটৰ ৰাজনৈতিক দলৰ সৈতে ৷ দেওবাৰে মা কামাখ্যা দৰ্শনৰ পাছতে মণিপুৰলৈ ৰাওনা হ’ব গৃহমন্ত্ৰী ৷
    Published by:Himangshu Bhuyan
    First published: