‘যিমানেই বিৰোধিতা নকৰক কিয়, নাগৰিকত্ব সংশোধনী আইনকলৈ স্থিতি সলনি নহয় চৰকাৰৰ’

News18 Assam | News18-Assam
Updated:March 1, 2020, 3:40 PM IST
‘যিমানেই বিৰোধিতা নকৰক কিয়, নাগৰিকত্ব সংশোধনী আইনকলৈ স্থিতি সলনি নহয় চৰকাৰৰ’
নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থনত পশ্চিম বংগত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সভা

নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থনত পশ্চিম বংগত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সভা

  • Share this:
সমগ্ৰ দেশতে ব্যাপক ৰূপত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ। বিতৰ্কিত আইনখনক কেন্দ্ৰ কৰিয়েই আজি পৰ্যন্ত উত্তপ্ত হৈ আছে দিল্লীৰ ৰাজপথ। অসমত আগতকৈ স্তিমিত হৈছে যদিও প্ৰান্তে প্ৰান্তে এতিয়াও অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ। তাৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পশ্চিম বংগত নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থনত অংশগ্ৰহণ কৰিলে এখন জনসভাত।

সভাত অমিত শ্বাহে কয় যে, ‘যিমানেই বিৰোধিতা কৰক, নাগৰিকত্ব সংশোধনী আইনকলৈ স্থিতি সলনি নহয় কেন্দ্ৰীয় চৰকাৰৰ। দেশৰ হিতৰ বাৰে এই নাগৰিকত্ব সংশোধনী আইন। বহু অপপ্ৰচাৰ চলোৱা হৈছে। এই অপপ্ৰচাৰ নাইকীয়া কৰা আমাৰ সকলোৰে দায়িত্ব।’

অমিত শ্বাহে লগতে কয় যে, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কাৰণেই নাগৰিকত্ব সংশোধনী আইন আনিছে, যা’তে ইয়াত লাখ লাখ শৰনাৰ্থীক নাগৰিকত্ব দিব পৰা যায়। কিন্তু মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ইয়াৰ বিৰোধ কৰিছে। পশ্চিম বংগত হিংসা হ’ল। ৰে’ল ষ্টেচন জ্বলাই দিলে।’
Published by: Himangshu Bhuyan
First published: March 1, 2020, 3:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading