মুখ্যপৃষ্ঠা »খবৰ »অসম »আজমলৰ ভয় দেখুৱাই বছৰ বছৰ ধৰি ৰাজনীতি কৰিছে হিমন্ত বিশ্ব শৰ্মাইঃ আমিনুল ইছলাম

আজমলৰ ভয় দেখুৱাই বছৰ বছৰ ধৰি ৰাজনীতি কৰিছে হিমন্ত বিশ্ব শৰ্মাইঃ আমিনুল ইছলাম

শ্বাৰ্জিল ইমামৰ সৈতে কোনো ব্যক্তিগত সম্পৰ্ক নাই বদৰুদ্দিন আজমলৰঃ আমিনুল ইছলাম

শ্বাৰ্জিল ইমামৰ সৈতে কোনো ব্যক্তিগত সম্পৰ্ক নাই বদৰুদ্দিন আজমলৰঃ আমিনুল ইছলাম

  • Share this:
মহানগৰ আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে চাৰিদিন ধৰি শ্বাৰ্জিল ইমামক চলোৱা ধাৰাবাহিক জেৰা পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য ৷ ‘কা’ আন্দোলনৰ সময়ত শ্বাৰ্জিল ইমামে নতুন দিল্লীত বৈঠকত মিলিত হৈছিল AIUDFৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলৰ সৈতে!

এই খবৰ পোহৰলৈ অহাৰ পিছতে এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনকি প্ৰয়োজনত আজমলৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলা অসমৰ সাংসদ, সাংবাদিক, বুদ্ধিজীৱিসকলকো তদন্তৰ আঁওতালৈ অনা বুলি কৈছিল। এতিয়া এই সম্পৰ্কত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে AIUDFৰ বিধায়ক আমিনুল ইছলামে।

ইছলামে কয় যে, ‘ শ্বাৰ্জিল ইমামেৰে কোনো ব্যক্তিগত সম্পৰ্ক নাই আজমলৰ। এগৰাকী সাংসদ হিচাপে বদৰুদ্দিন আজমলক বহু ছাত্ৰ-ছাত্ৰীয়ে সাক্ষাৎ কৰে। দিল্লীত CAA বিৰোধী আন্দোলন কৰোতেও JNU, DU, আলিগড় আদিৰ বহু ছাত্ৰ-ছাত্ৰী আহিছিল আজমলক লগ কৰিবলৈ।তাৰ মাজত যদি শ্বাৰ্জিল আহিছিল আমি নাজানো।’

আমিনুল ইছলামে লগতে কয় যে,‘ কিন্তু শ্বাৰ্জিলৰ লগতে যেনেধৰণে আজমলৰ নামটো জড়িত কৰিছে সেয়া ভাল নহয়। কোনো ন্যস্তস্বাৰ্থত জড়িত ব্যক্তিয়ে এই কাম কৰিছে।শ্বাৰ্জিল সম্পৰ্কত ভালকৈ অনুসন্ধান কৰক আৰক্ষীয়ে। হিমন্ত বিশ্বই বছৰ বছৰ ধৰি আজমলৰ ভুত দেখুৱাই ৰাজনীতি কৰি আহিছে, আমি গুৰুত্ব নিদিওঁ।

শেহতীয়া বাতৰি