আকৌ বিতৰ্ক! এইবাৰ ডেকা, কোঁৱৰ, হাজৰিকা, শইকীয়া, গগৈ, বড়ো, কাৰ্বি আৰু বৰদলৈক লৈ কি ক’লে আমিনুল ইছলামে?

কিছুদিন পূৰ্বে আহোম সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতিকৃতিত ক্ষমা খুজিছিল আমিনুল ইছলামে।
খিলঞ্জীয়াক লৈ বিতৰ্কিত মন্তব্য আমিনুল ইছলামৰ।
- News18 Assam
- Last Updated: February 29, 2020, 12:56 PM IST
বিধায়ক গৰাকীয়ে এই প্ৰসংগত কয় যে, ডেকা, কোঁৱৰ, হাজৰিকা, শইকীয়া, গগৈ ,বড়ো, কাৰ্বি আৰু বৰদলৈ সকলো লোকেই ১৯৫১ চনৰ নথি পত্ৰ দেখুৱাব লাগিব । অন্যথা কোনো কাৰণতে মানি লোৱা নহব ১৯৫১ চনৰ ভিত্তিবৰ্ষ । কিয়নো কোনো হিন্দু বাংলাদেশী লোকে উপাধি সলনি কৰি খিলঞ্জীয়াৰ অন্তভুর্ক্ত হ’ব পাৰে। আমিনুল ইছলামৰ এই মন্তব্যক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।
(ৰূপহীহাটৰ পৰা মোজাম্মিল হক, News18)