২০২১ত মোগলৰ বিৰুদ্ধে হ’ব বিজেপিৰ যুজঁ, মোগল কোন? বিস্ফোৰক মন্তব্য আমিনুল হক লস্কৰৰ

বৰাক উপত্যকাৰ সোণাই সমষ্টিৰ বিজেপি বিধায়ক আমিনুল হক লস্কৰৰ মতে, বদৰুদ্দিন আজমলে এইবাৰ কংগ্ৰেছক ঠগিব।
বৰাক উপত্যকাৰ সোণাই সমষ্টিৰ বিজেপি বিধায়ক আমিনুল হক লস্কৰৰ মতে, বদৰুদ্দিন আজমলে এইবাৰ কংগ্ৰেছক ঠগিব।
- News18 Assam
- Last Updated: October 13, 2020, 4:10 PM IST
কিন্তু কথা হ’ল কোন এই মোগল? মুখ্যমন্ত্ৰীৰ ভাষ্যৰ ৪৮ ঘণ্টাৰ ভিতৰতে অসম বিধান সভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰৰ সাংবাদিকৰ আগত বিস্ফোৰক মন্তব্য। আমিনুল ইছলামে স্পষ্টকৈ বুজাই দিলে – মোগল হ’ল কংগ্ৰেছ, আৰু এই কংগ্ৰেছ–এআইইউডিএফৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু হেনো বিজেপি।
সিমানতে ক্ষান্ত নাথাকি বিজেপিৰ একমাত্র সংখ্যালঘু বিধায়ক আমিনুল হক লস্কৰে ক’লে – ২০২১ৰ নিৰ্বাচন হ’ব দুই সভ্যতাৰ মাজত যুদ্ধ। সাংগঠনিক কাম কৰা বিজেপি, অগপৰ সভ্যতা বনাম ব্যক্তিকেন্দ্ৰীক কংগ্ৰেছৰ সভ্যতাৰ মাজত যুজঁ হ’ব বুলি কয় আমিনুল হক লস্কৰে।