জুবিন গাৰ্গক লৈ কিয় ক্ষুব্ধ কলিতা জনগোষ্ঠী? চাওক সকলো VIDEO

News18 Assam | News18-Assam
Updated:December 25, 2019, 2:19 AM IST
জুবিন গাৰ্গক লৈ কিয় ক্ষুব্ধ কলিতা জনগোষ্ঠী? চাওক সকলো VIDEO
কলিতা জনগোষ্ঠীক জুবিন গাৰ্গে অপমান কৰাক লৈ বিতৰ্ক।

কলিতা জনগোষ্ঠীক জুবিন গাৰ্গে অপমান কৰাক লৈ বিতৰ্ক।

  • Share this:
নাগৰিকত্ব সংশোধনী আইনক লৈ ৰাজ্যত অব্যাহত বিদ্ৰোহত সন্মুখৰ পৰা নেতৃত্ব দিয়া অসমীয়া ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গক ক্ষমা বিচাৰিবলৈ ২৪ঘণ্টাৰ সময় বান্ধি দিলে। জুবিন গাৰ্গে কলিতা জনগোষ্ঠীক অপমান কৰাৰ অভিযোগেৰে ছচিয়েল মিডিয়াতো সৰৱ হৈছে একাংশ লোক।সদৌ কলিতা ছাত্ৰ সন্থাই ‘কা’ বিৰোধী প্ৰতিবাদৰ সময়ত জুবিন গাৰ্গে মুকলি মঞ্চৰ ওপৰত সুৰাৰ ৰাগীত সমগ্ৰ জনগোষ্ঠীক অপমান কৰাৰ অভিযোগ কৰিছে।

কি হৈছিল চাওক VIDEO:

সংগঠনটোৱে এই ঘটনাৰ কাৰণে জুবিন গাৰ্গক ক্ষমা খুজিবলৈ ২৪ঘণ্টাৰ সময়সীমা বান্ধি এক আনুষ্ঠানিক বাৰ্তা প্ৰকাশ কৰিছে।বৃহত্তৰ অসমীয়া সমাজে একগোট হৈ ‘কা’ৰ বিৰুদ্ধে সংগ্ৰাম কৰাৰ সময়তে জুবিন গাৰ্গৰ সৈতে কলিতা জনগোষ্ঠীৰ এই সংঘাতক লৈ খেদ প্ৰকাশ কৰিছে বহুতেই। 

অৱশ্যে জুবিন গাৰ্গে এইপৰ্যন্ত এই ক্ষেত্ৰত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।
আৰু চাওক
পৰৱৰ্তী বাতৰি