দেশত ক্ৰমাৎ বৃদ্ধি পাইছে কোৰোণা ভাইৰাছৰ অমিক্ৰন ভেৰিয়েণ্টত আক্ৰান্ত ৰোগীৰ সংখ্যা (Corona Variant)। ফলত প্ৰতিখন ৰাজ্যক প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে। অসমত আজিৰ তাৰিখলৈ এজনো লোক অমিক্ৰনত আক্ৰান্ত হোৱা নাই যদিও ইয়াৰ বাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। আৰু সেইবাবেই পুনৰ প্ৰকাশ কৰা হৈছে নতুন SOP (New Covid SOP)। জাৰি কৰা হৈছে নৈশ সান্ধ্য আইন। স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই (Keshab Mahanta) এই নতুন SOPৰ কথা সংবাদমেলযোগে ঘোষণা কৰে।
সংশোধিত SOPত কেইবাটাও সালসলনি কৰা হৈছে। নতুন SOP অনুসৰি এতিয়া নিশা ১১.৩০ বজাৰ পৰা পুৱা ৬ বজালৈ কাৰ্যকৰী হ’ব নৈশ সান্ধ্য আইন। দেওবাৰ পৰা কাৰ্যকৰী হৈছে এই নিয়ম। অৱশ্যে ৩১ ডিচেম্বৰৰ দিনটো সান্ধ্য আইনৰ পৰা ৰেহাই দিয়া হৈছে।
নতুন SOP অনুসৰি, নিশা ১০.৩০ বজাৰ পৰা বন্ধ কৰিব লাগিব সকলো ব্যৱসায়িক প্ৰতিষ্ঠান, হোটেল, ৰেস্তোৰাঁ, ধাবা। মাস্ক নিপিন্ধিলে বা ৰাজহুৱা স্থানত থুৱালে ভৰিব লাগিব ১০০০ টকাৰ জৰিমনা।
চিনেমা হল, হোটেলত মাত্ৰ ৫০ শতাংশ লোকৰহে অনুমতি দিয়া হৈছে। দুপালি ভেকচিন লোৱা লোককহে চিনেমা হলত প্ৰৱেশৰ অনুমতি দিয়া হৈছে। সভা–সমিতিত থাকিব ৫০ শতাংশ লোকৰ আসন। অৱশ্যে শিক্ষা প্ৰতিষ্ঠানৰ ক্ষেত্ৰত কোনো নতুন গাইডলাইন অনা হোৱা নাই। পূৰ্বতে জাৰি কৰা নিয়মে বাহাল থাকিব শিক্ষা প্ৰতিষ্ঠানৰ ক্ষেত্ৰত।
আনহাতে, ধৰ্মীয় অনুষ্ঠানত এঘণ্টাত ৬০জন দুয়োপালি ভেকচিন লোৱা ভক্তৰ প্ৰৱেশত দিয়া হৈছে অনুমতি। এসপ্তাহৰ ভিতৰত সকলো হাস্পতালক সাজু হ'বলৈ নিৰ্দেশ।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|