আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে মহাভিযোগৰ প্ৰস্তাৱ গৃহীত

News18 Assam | News18-Assam
Updated:December 19, 2019, 8:40 AM IST
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে মহাভিযোগৰ প্ৰস্তাৱ গৃহীত
এতিয়া ট্ৰাম্প ছিনেটত এই গোচৰৰ মুখামুখি হ’ব, য’ত ৰিপাব্লিকান পাৰ্টীৰ সংখ্যাগৰিষ্ঠতা আছে।

এতিয়া ট্ৰাম্প ছিনেটত এই গোচৰৰ মুখামুখি হ’ব, য’ত ৰিপাব্লিকান পাৰ্টীৰ সংখ্যাগৰিষ্ঠতা আছে।

  • Share this:
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে মহাভিযোগৰ প্ৰস্তাৱ গৃহীত। হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভত গৃহীত হয় এই প্ৰস্তাৱ। ট্ৰাম্পৰ বিৰুদ্ধে ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ অভিযোগ। আমেৰিকাৰ ইতিহাসত ট্ৰাম্প তৃতীয়গৰাকী ৰাষ্ট্ৰপতি, যাৰ বিৰুদ্ধে উত্থাপন হৈছে মহাভিযোগ।

প্ৰতিনিধি সভাত মহাভিযোগৰ অভিযোগ পত্ৰৰ ওপৰত ভোটদান হয়, য’ত ২৩০টা ভোটৰত ১৯৭টা মহাভিযোগৰ পক্ষত পৰে। ট্ৰাম্পৰ ওপৰ শাসনৰ অপব্যৱহাৰ আৰু তদন্ত কৰাত বাধা প্ৰদানৰ অভিযোগ উঠিছে। প্ৰতিনিধি সভাৰ ন্যায়িক সমিতিয়ে দীৰ্ঘ বিতৰ্কৰ পিছত বিগত সপ্তাহত ট্ৰাম্পৰ বিৰুদ্ধে দুটাকৈ অভিযোগত অনুমোদন দিছিল। প্ৰথমটো হ’ল শাসনৰ অপব্যৱহাৰ, য’ত ট্ৰাম্পৰ বিৰুদ্ধে ইউক্ৰেইনত ২০২০ৰ সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বী জো বিডেনক বদনাম কৰিবলৈ হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ। দ্বিতীয় অভিযোগ হ’ল ট্ৰাম্পে মহাভিযোগ সন্দৰ্ভত সদনৰ তদন্তত সহযোগ কৰা নাই।

এতিয়া ট্ৰাম্প ছিনেটত এই গোচৰৰ মুখামুখি হ’ব, য’ত ৰিপাব্লিকান পাৰ্টীৰ সংখ্যাগৰিষ্ঠতা আছে। আনহাতে, এই সন্দৰ্ভত হোৱাইট হাউছে এক বিবৃতি জাৰি কৰি কয় যে এটাও ৰিপাব্লিকান ভোট নোপোৱাকৈ, কোনো প্ৰমাণ অবিহনে, ডেম’ক্ৰেটছে প্ৰতিনিধি সভাৰ জৰিয়তে ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ভুল পদ্ধতিৰে মহাভিযোগ উত্থাপন কৰিছে।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি