• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰোগী অনা–নিয়া কৰিবলৈ নহয় লকডাউনত এম্বুলেন্সৰ ব্যৱহাৰ এই কামত! মৰিয়নিত চাঞ্চল্য

ৰোগী অনা–নিয়া কৰিবলৈ নহয় লকডাউনত এম্বুলেন্সৰ ব্যৱহাৰ এই কামত! মৰিয়নিত চাঞ্চল্য

লকডাউনৰ নীতি–নিয়ম ভৰিৰে মোহৰা জনৰ বিৰুদ্ধে এই পৰ্যন্ত ব্যৱস্থা নাই।

লকডাউনৰ নীতি–নিয়ম ভৰিৰে মোহৰা জনৰ বিৰুদ্ধে এই পৰ্যন্ত ব্যৱস্থা নাই।

লকডাউনৰ নীতি–নিয়ম ভৰিৰে মোহৰা জনৰ বিৰুদ্ধে এই পৰ্যন্ত ব্যৱস্থা নাই।

  • Share this:
মৰিয়নিত ৰোগীৰ সলনি এম্বুলেঞ্চত কঢ়িয়ালে ইটাভাটাৰ শ্ৰমিক। লকডাউনৰ নীতি নিয়ম উলংঘা কৰি নকচাৰীৰ ভেলুগুৰিৰ জনৈক বিপুল শইকীয়া নামৰ এজন ইটাভাটাৰ মালিকে এম্বুলেন্সত তেওঁৰ বি পি এলৰ ইটাভাটালৈ লকডাউনৰ সময়ত গোপনে অনা নিয়া কৰি আছিল শ্ৰমিকসকলক। কিন্ত সোমবাৰে বিয়লি আদিবাসী ছাত্ৰ সন্থাৰ খাটিসোনা প্ৰাথমিক গোটৰ সদস্য সকলে ৰাইজৰ সহযোগত এম্বুলেন্সখন আগচি ধৰি সোধ–পোছ কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে। এ এছ ০৪ এচি ০১৬৩ নম্বৰৰ টাটা চুমু এম্বুলেন্সখনত ইটা ভাটাৰ মালিকজনে ১২ জন পুৰুষ আৰু মহিলা শ্ৰমিকক পান জপা দি জাপি ইটা ভাটাৰ পৰা ঘৰলৈ কঢ়িয়াই নিছিল। জানিব পৰা মতে টাটা চুমু গাড়ীখনৰ কোনো কাগজ পত্ৰ নথকা লগতে চালকৰো নাই অনুজ্ঞা পত্ৰ। স্থানীয় ৰাইজে অভিযোগ কৰা মতে এম্বুলেন্সখনত ইটা ভাটাৰ মালিক বিপুল শইকীয়াই দীৰ্ঘদিন ধৰি ৰোগী কঢ়িওৱাৰ পৰিবৰ্তে শ্ৰমিকসকলক অনা নিয়া কৰাত ব্যৱহাৰ কৰি আহিছে। আনহাতে ১০-১২জন শ্ৰমিকক এনেদৰে এম্বুলেন্সত আৰক্ষীৰ সন্মুখেৰে বাধা হীন ভাৱে অনা নিয়া কাৰ্যত স্থানীয় ৰাইজে আশ্বৰ্য প্ৰকাশ কৰিছে। ইতিমধ্যে ৰাইজৰ হেঁচাত আৰক্ষীয়ে এম্বুলেন্সখন জব্দ কৰিছে যদিও লকডাউনৰ নীতি নিৰ্দেশনা অমান্য কৰা ইটা ভাটাৰ মালিক বিপুল শইকীয়াৰ বিৰুদ্ধে কোনো গোচৰ লোৱা নাই দেবেৰাপাৰা আৰক্ষীয়ে। এই ঘটনাটোৱে মৰিয়নিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
First published: