
এই সেৱা ইতিমধ্যেই আৰম্ভণি কৰা হৈছে। এই সেৱাই বিমান বন্দৰৰ যাত্ৰীসকলৰ লগতে কাষৰীয়া অঞ্চলৰ ৰাইজক সহায় কৰিব।
এই সেৱা ইতিমধ্যেই আৰম্ভণি কৰা হৈছে। এই সেৱাই বিমান বন্দৰৰ যাত্ৰীসকলৰ লগতে কাষৰীয়া অঞ্চলৰ ৰাইজক সহায় কৰিব।
বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানকোঠৰ যাত্ৰীসকলৰ স্বাস্থ্য সুৰক্ষাৰ দিশত, বিমানকোঠ পৰিচালনা কৰা কৰ্তৃপক্ষৰ ফালৰ পৰা যথেষ্ট গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে। এই পৰিপ্ৰেক্ষিতত, যাত্ৰীৰ সুবিধাৰ্থে বিমানকোঠ কৰ্তৃপক্ষই অসম চৰকাৰৰ জনোৱা অনুৰোধৰ প্ৰতি সঁহাৰি জনাই অসম চৰকাৰৰ 'স্বাস্থ্য আৰু সমাজ কল্যাণ' বিভাগে বিমানকোঠটোৰ লগতে দাঁতি কাষৰীয়া ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ১০৮ এম্বুলেঞ্চ এখন বিমানকোঠৰ সমীপত অৱস্থান কৰাৰ অনুমতি প্ৰদান কৰিছে।
এই সেৱাই যাত্ৰীৰ লগতে দাঁতিকাষৰীয়া অঞ্চলৰ বাসিন্দাসকলকো তাৎক্ষণিক সেৱা যেনে অক্সিজেন চিলিণ্ডাৰ, ব্লাড প্ৰেচাৰ মেচিন, পাল্ছ অক্সিমিটাৰ, ডিজিটেল থাৰ্মোমিটাৰ, ড্ৰেচিং পেডছ আৰু এজন প্ৰশিক্ষণপ্ৰাপ্ত স্বাস্থ্যকৰ্মীৰ উপস্থিতিয়ে অহৰ্নিশে সহায় কৰিব। এই সেৱা ইতিমধ্যেই আৰম্ভণি কৰা হৈছে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|