১৬ ঘণ্টা উকলিল! কোভিড আক্ৰান্তক নিবলৈ নাহিল স্বাস্থ্য বিভাগৰ লোক!

News18 Assam | News18-Assam
Updated:July 1, 2020, 12:30 PM IST
১৬ ঘণ্টা উকলিল! কোভিড আক্ৰান্তক নিবলৈ নাহিল স্বাস্থ্য বিভাগৰ লোক!
নিয়ম অনুসৰি কোভিড–১৯ ধৰা পৰা গৃহটো কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰি তাত ফলক লগাব লাগে৷ কিন্তু সেয়াও হোৱা নাই৷

নিয়ম অনুসৰি কোভিড–১৯ ধৰা পৰা গৃহটো কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰি তাত ফলক লগাব লাগে৷ কিন্তু সেয়াও হোৱা নাই৷

  • Share this:
১০৮ জৰুৰীকালীন সেৱাৰ অপেক্ষাত মহানগৰীৰ লালগণেশৰ প্ৰগতিনগৰ আবাসী৷ অঞ্চলটোৰ অমল দে আৰু এটি কণমানিৰ দেহত মঙলবাৰে কোভিড–১৯ পজিটিভ পোৱা বুলি ফোন কৰিছিল৷ আক্ৰান্ত পৰিয়ালটোলৈ ফোন কৰিছিল নিশা ৯.৩০ বজাত৷ যাক লৈ অঞ্চলটোৰ আবাসীৰ মাজত লাগিছিল হাহাকাৰ৷ আবাসীসকলে বিচাৰিছিল আক্ৰান্ত দুয়োজনক স্বাস্থ্য বিভাগে ততালিকে লৈ যাওক হাস্পতাললৈ৷ কিন্তু নিশা নহয়, বুধবাৰে দিন দুপৰলৈ নাহিল স্বাস্থ্য বিভাগৰ দল৷

নিয়ম অনুসৰি কোভিড–১৯ ধৰা পৰা গৃহটো কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰি তাত ফলক লগাব লাগে৷ কিন্তু সেয়াও হোৱা নাই৷ যাক লৈ আতংকিত এতিয়া লালগণেশ প্ৰগতিনগৰৰ আবাসীসকল৷ স্থানীয় লোকে প্ৰশাসন তথা 104 সেৱাত ফোন কৰিছে যদিও লাভ কৰা নাই কোনো সঁহাৰি৷ যাক লৈ বিপাঙত পৰিছে আবাসীসকল৷ যি সময়ত ৰাজ্যৰ স্বাস্থ্য বিভাগে অধিক তৎপৰতাৰে কোভিড–১৯ৰ বিৰুদ্ধে যুঁজ দি অহা বুলি কৈ আহিছে, তেনে সময়তে এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
First published: July 1, 2020, 12:30 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading