পৌৰ নিগমে অতিৰিক্ত ৭৫০গৰাকী চাফাই কৰ্মী ভাড়াত লৈছে চাফ-চিকুণতাৰ বাবে।
পৌৰ নিগমে অতিৰিক্ত ৭৫০গৰাকী চাফাই কৰ্মী ভাড়াত লৈছে চাফ-চিকুণতাৰ বাবে।
মাজত এটা দিন। ২২ জুনৰ পৰা শক্তিপীঠ মা কামাখ্যাত আৰম্ভ হ'ব অম্বুবাচী। এইবাৰ জাকজমকতাৰ পৰিৰ্ৱতে অনুষ্টুপীয়াকৈ আয়োজন কৰা হ'ব অম্বুবাচী মেলা। অম্বুবাচী মেলা উপলক্ষে প্ৰশাসনে গ্ৰহণ কৰা নীতি-নিৰ্দেশনা সৰ্ন্দভত কামৰূপ মহানগৰ উপায়ুক্তই দিলে সংবাদমেল (Press Conference on Ambubachi)।
২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচীৰ বাবে সকলো প্ৰস্তুতি কৰিছে প্ৰশাসনে। ১০ লাখ ভক্তক আদৰিবলৈ সাজু হৈছে প্ৰশাসন। ৩টাকৈ শিবিৰত সমবেত হৈছে ৫ হাজাৰ ভক্ত।কামাখ্যা ষ্টেচন, পুৰণা জেল, পাণ্ডু প'ৰ্টত স্থাপন কৰা হৈছে শিবিৰ।
আনহাতে ২২ তাৰিখৰ পৰাই মন্দিৰলৈ যান-বাহন চলাত বাধা আৰোপ কৰিছে প্ৰশাসনে। সকলো ভক্তই খোজকাঢ়ি যাব লাগিব মন্দিৰলৈ। নাথাকিব কোনোধৰণৰ VIP প্ৰৱেশ অথবা পূজা। প্ৰশাসনৰ অনুমতি অবিহনে কোনো স্বেচ্ছাসেৱী সংগঠনে খাদ্য বিতৰণ কৰিব নোৱাৰিব।
মন্দিৰলৈ উঠা পথৰ ওপৰতো বিতৰণ কৰিব নোৱাৰিব খাদ্য। প্ৰশান্তি ল'জ, মালিগাঁৱকে ধৰি কেইবাঠাইত থাকিব চিকিৎসা শিবিৰ। এইবাৰ চাফ চিকুণতাক লৈও বিশেষ গুৰুত্ব দিয়া হৈছে। গুৱাহাটী পৌৰ নিগমে চোৱাচিতা কৰিব এই বিষয়টো। ইয়াৰ বাবে পৌৰ নিগমে অতিৰিক্ত ৭৫০গৰাকী চাফাই কৰ্মী ভাড়াত লৈছে।
আনহাতে যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত লোৱা নীতি-নিৰ্দেশনা সৰ্ন্দভত জনালে যান-বাহন আৰক্ষীৰ DCP হিৰণ্য বৰ্মনে। ইফালে অম্বুবাচীৰ দিনকেইটাত নিৰাপত্তা ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ৫০০ চিচি টিভি সংযোগ কৰা হৈছে মন্দিৰৰ চৌহদত। ভক্তৰ অসুবিধা নহ'বৰ বাবে মন্দিৰ তথা প্ৰশাসনৰ ফালৰ পৰা নিয়োগ কৰা হৈছে স্বেচ্ছাসেৱী। প্ৰতিকূল বতৰ, ক'ভিডৰ বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ভক্তৰ সংখ্যা হয়তো হ্ৰাস পাব বুলি ধাৰণা কৰা হৈছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|