আজি শক্তিপীঠ কামাখ্যা মন্দিৰত অন্ত পৰিল অম্বুবাচী মেলাৰ। আজি অম্বুবাচীৰ নিবৃতি। পুৱাই খোল খালে কামাখ্যা মন্দিৰৰ দুৱাৰ। পুৱা ৫.৪৫ বজাত খোল খালে মন্দিৰৰ দুৱাৰ। হাজাৰ হাজাৰ ভক্তই মা কামাখ্যাৰ আশিস ল’বলৈ ভিৰ কৰিছে কামাখ্যা দেৱালয়ত।
আজি পুৱাই ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে পত্নীসহ উপস্থিত হয় কামাখ্যা মন্দিৰত। শক্তিপীঠত উপস্থিত হৈ আশিস ল’লে ৰাজ্যপালগৰাকীয়ে। কামাখ্যা মন্দিৰৰ দুৱাৰ খোলাৰ পিছতে বহু ভক্তই দেৱীৰ আশীৰ্বাদ ল’বলৈ উপস্থিত হয় শক্তিপীঠত।
উল্লেখযোগ্য প্ৰতি বছৰে দেশ–বিদেশৰ সাধু–সন্যাসীৰ লগতে বহু ভক্তই অম্বুবাচীৰ সময়ত ভিৰ কৰেহি নীলাচল পাহাৰত। এই বছৰ বৰষুণ–ভূমিস্খলনৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অম্বুবাচী মেলাত ভক্তসকলৰ ভিৰ নকৰিবলৈ আহ্বান জনাইছিল। কামাখ্যালৈ যোৱা এটা পথত সংঘটিত হৈছিল ভূমিস্খলনৰ ঘটনা। তাৰ পিছতো অম্বুবাচী মেলা উপলক্ষে কামাখ্যাধামত উপস্থিত হয় বহিঃৰাজ্যৰ বহু সাধু–সন্যাসী আৰু ভক্ত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|