
অমৰনাথ যাত্ৰা বাতিল কৰাৰ পিছত ৬ সহস্ৰাধিক যাত্ৰীক সুকলমে উভতাই অনা হৈছে নিজ নিজ স্থানলৈ। শ্ৰীনগৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা আজি পৰ্যায়ক্ৰমে ওভতাই পঠিয়াইছে প্ৰশাসনে
অমৰনাথ যাত্ৰা বাতিল কৰাৰ পিছত ৬ সহস্ৰাধিক যাত্ৰীক সুকলমে উভতাই অনা হৈছে নিজ নিজ স্থানলৈ। শ্ৰীনগৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা আজি পৰ্যায়ক্ৰমে ওভতাই পঠিয়াইছে প্ৰশাসনে
জম্মু–কাশ্মীৰত উদ্ভৱ হোৱা জৰুৰীকালীন অৱস্থাৰ পাছত তত্পৰতা দেখুৱাইছে চৰকাৰে, অমৰনাথ যাত্ৰা বাতিল কৰাৰ পিছত ৬ সহস্ৰাধিক যাত্ৰীক সুকলমে উভতাই অনা হৈছে নিজ নিজ স্থানলৈ। শ্ৰীনগৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা আজি পৰ্যায়ক্ৰমে ওভতাই পঠিয়াইছে প্ৰশাসনে। বায়ুসেনাৰ ৪খন এয়াৰক্ৰাফটৰ জৰিয়তে উভতাই আনিছে কাশ্মীৰ উপত্যকাৰ নিকটৱৰ্তী অঞ্চলৰ যাত্ৰীক। নিৰাপত্তাৰক্ষীৰ সংঘবদ্ধ প্ৰচেষ্টাত নিজ নিজ স্থানলৈ যথাসম্ভৱভাৱে উভতাই অনা হৈছে অমৰনাথ যাত্ৰালৈ যোৱা লোকক। তেওঁলোকক ঘূৰাই আনিবলৈ ভাৰতীয় সেনা, বায়ুসেনা, চিআৰপিএফ, বিএছএফ, বিমান কৰ্তৃপক্ষ, ৰাজ্যিক বিষয়ববীয়াৰ লগতে জম্মু–কাশ্মীৰ আৰক্ষীয়ে সাধ্যানুসৰি চলাইছিল প্ৰচেষ্টা। উল্লেখ্য যে পাকিস্তানী সন্ত্ৰাসবাদীয়ে কূটাঘাতৰ সংঘটিত কৰাৰ আশংকাত জৰুৰীভাৱে বাতিল কৰিছিল অমৰনাথ যাত্ৰা।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|