
আৰক্ষীয়ে তদন্তৰ স্বাৰ্থত অধিক কোনো তথ্য সদৰী কৰা নাই ।
আৰক্ষীয়ে তদন্তৰ স্বাৰ্থত অধিক কোনো তথ্য সদৰী কৰা নাই ।
হাইলাকান্দিত টকাৰ উজান। হাইলাকান্দি জিলাৰ অসম-মিজোৰাম সীমান্তৰ পৰা জব্দ ৫৫ লাখ টকা। সীমান্তবৰ্তী ৰামনাথপুৰ এলেকাৰ পৰা জব্দ হৈছে এই বৃহৎ পৰিমাণৰ টকা। ৰাতিপুৱা মিজোৰামৰ ভৈৰবীৰ পৰা হাইলাকান্দি অভিমুখে যোৱা AS 10E 2774 নম্বৰৰ এখন এল্টো গাড়ীৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে টকাখিনি।
লগতে আৰক্ষীয়ে আটক কৰে গাড়ীচালক আৰু তাৰ লগতে আন এগৰাকী ব্যক্তিক। গ্ৰেপ্তাৰ হোৱা চালকজনৰ নাম বছিৰ আহমদ বুলি জানিব পৰা গৈছে। ইমান বৃহৎ পৰিমাণৰ অৰ্থ কোনে আৰু কিহৰ বাবে লৈ গৈ আছিলে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে । কিন্তু আৰক্ষীয়ে তদন্তৰ স্বাৰ্থত গাড়ীচালকৰ লগতে থকা ব্যক্তি বা এই টকা সম্পৰ্কে অধিক কোনো তথ্য সদৰী কৰা নাই ।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|