কেবিনেট সিদ্ধান্ত অনুসৰি অসমৰ দুগ্ধ উৎপাদন বৃদ্ধি কৰিবৰ বাবে জইভেঞ্চৰ কোম্পেনীৰ উদ্যোগত অসমত দুটা মিল্ক প্ৰছেচিং ইউনিটৰ বাবে ভূমি আবণ্টন চৰকাৰৰ ৷ এই দুই মিল্ক প্ৰচেছিং ইউনিট হ'ব যোৰহাট আৰু ডিব্ৰুগড়ত ৷ ৰাজ্যত নতুনকৈ দুখন বিশ্ববিদ্যালয় স্থাপনৰ সিদ্ধান্ত ৷ নতুন বিশ্ববিদ্যালয় দুখন গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় আৰু প্ৰাগজ্যোতিষ বিশ্ববিদ্যালয় নামেৰে স্থাপনৰ সিদ্ধান্তত চৰকাৰৰ অনুমোদন ৷
সাধাৰণ গোচৰ নিষ্পত্তিৰ বাবে ৰাজ্য চৰকাৰৰ কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ ৰাজ্যৰ ৪ লাখ ১৯ হাজাৰ গোচৰ সৰলীকৰণ ফলত প্ৰায় ৩ লাখ গোচৰ নিষ্পত্তি হ'ব৷
ৰাজ্যৰ ৩৪ পলিটেকনিক আৰু ৪৩ খন ITI প্ৰতিষ্ঠানত টাটাই শিক্ষা প্ৰদান কৰিব ৷ ইয়াৰ আন্তগাঁথনি নিৰ্মাণৰ বাবে ৩৬৬ কোটি টকা কেবিনেটত অনুমোদন ৷
নলবাৰী চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ বাবে অতিৰিক্ত ৩৯৭ কোটি টকা অনুমোদন ৷ চিকিৎসা মহাবিদ্যালয়খনত সৰ্বমুঠ ব্যয় হ'ব ৬১৫ কোটি টকা ৷
দুৰ্যোগ প্ৰশমন বিভাগৰ আগতীয়াকৈ ব্যৱস্থা কৰিবৰ বাবে ৩% ধন ৰিক্স ডিডাকচন ফাণ্ড ৰূপে ৰখা হ'ব ৷ আগন্তুক ২০২৩–২৪ চনৰ বাজেটৰ পৰা এই নীতি কাৰ্যকৰী হ'ব ৷