বিচাৰকক মেনেজ কৰি বিহু সম্ৰাজ্ঞীৰ মুকুট!

পুনৰ বিতর্কৰ মাজত সোমাই পৰিছে লতাশিলৰ গুৱাহাটী বিহু সন্মিলনী, বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাৰ বিচাৰকে ভুলকৈ ফলাফল ঘোষণা কৰাৰ অভিযোগ

Sanjay Kumar Das | news18assam
Updated:April 18, 2019, 2:21 PM IST
বিচাৰকক মেনেজ কৰি বিহু সম্ৰাজ্ঞীৰ মুকুট!
পুনৰ বিতর্কৰ মাজত সোমাই পৰিছে লতাশিলৰ গুৱাহাটী বিহু সন্মিলনী, বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাৰ বিচাৰকে ভুলকৈ ফলাফল ঘোষণা কৰাৰ অভিযোগ
Sanjay Kumar Das | news18assam
Updated: April 18, 2019, 2:21 PM IST
পুনৰ বিতর্কৰ মাজত সোমাই পৰিছে লতাশিলৰ গুৱাহাটী বিহু সন্মিলনী। বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাৰ বিচাৰকৰ সিদ্ধান্তৰ বিৰোধিতা ১১ গৰাকী প্ৰতিযোগীৰ। প্ৰতিযোগিতাৰ পিছত বঁটা প্ৰদান কৰি থকাৰ সময়তে লতাশিল বিহু কমিটীৰ বিৰুদ্ধে মুর্দাবাদ ধ্বনি দিয়ে প্ৰতিযোগীসকলে।

বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাৰ বিচাৰকে ভুলকৈ ফলাফল ঘোষণা কৰাৰ অভিযোগ উত্থাপন কৰে প্ৰতিযোগীসকলে। ক্ষুব্ধ প্ৰতিযোগীয়ে অভিযোগ কৰা অনুসৰি বিজয়ী দলে ভুল কৰিছিল যোজনা আৰু তাল। তাৰ পিছতো ভুল কৰা দলক বিজয়ী ঘোষণা কৰাত ক্ষুব্ধ হৈ পৰে আন প্ৰতিযোগীসকল।

লতাশিল বিহু সন্মিলনী বৰ্জন কৰাৰো হুংকাৰ দিয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা বিহু দলে। বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতা পুনৰ অনুষ্ঠিত কৰি ফলাফল ঘোষণা কৰাৰ দাবী জনায় অভিযোগকাৰী প্ৰতিযোগীসকলে।

উল্লেখযোগ্য যে ১২ গৰাকী প্ৰতিযোগীৰ মাজত লখিমপুৰৰ নীলম দোলাকাষৰীয়াই লাভ কৰিবলৈ সক্ষম হৈছিল ২০১৯ বৰ্ষৰ বিহু সম্ৰাজ্ঞীৰ খিতাপ। তাৰ বিপৰীতে ডিব্ৰুগড়ৰ নিহাৰিকা শইকীয়াই লাভ কৰে বিহুৰাণীৰ খিতাপ। বিহু কুঁৱৰীৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় ডিব্ৰুগড়ৰ নিবেদিতা বৰাই।

লতাশিলৰ বিহু সম্ৰাজ্ঞী, বিহু ৰাণী, বিহু কুঁৱৰী :
আৰু চাওক পৰৱৰ্তী বাতৰি