কাৰাগাৰৰ পৰাই ৰাজ্যৰ আঞ্চলিক শক্তিক একলগ হ’বলৈ অখিল গগৈয়ে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই এজেপি দলৰ দুই নেতাই মিত্ৰতাৰ প্ৰস্তাৱ লৈ বৃহস্পতিবাৰে পুৱাই GMCHত উপস্থিত হৈছিল৷
কাৰাগাৰৰ পৰাই ৰাজ্যৰ আঞ্চলিক শক্তিক একলগ হ’বলৈ অখিল গগৈয়ে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই এজেপি দলৰ দুই নেতাই মিত্ৰতাৰ প্ৰস্তাৱ লৈ বৃহস্পতিবাৰে পুৱাই GMCHত উপস্থিত হৈছিল৷
সকলো জল্পনা–কল্পনাৰ ওৰ পেলাই অৱশেষত বৃহস্পতিবাৰে AJP আৰু ৰাইজৰ দলৰ মিত্ৰতা সন্দভত আনুষ্ঠানিক ঘোষণা কৰিলে লুৰিণজ্যোতি গগৈয়ে৷ GMCHত চিকিৎসাধীন হৈ থকা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক সাক্ষাতৰ বাবে বৃহস্পতিবাৰে পুৱা GMCHত আহি উপস্থিত হ’ল লুৰিণজ্যোতি গগৈ আৰু জগদীশ ভূঞা৷ দুই নেতাৰ পৰা প্ৰথমে অখিলে বুজ ল’লে সাম্প্ৰতিক ৰাজনীতি সম্পৰ্কত৷ তাৰ পিছতে এজেপিৰ ফালৰ পৰা অখিল গগৈলৈ দিয়া হ’ল মিত্ৰতাৰ প্ৰস্তাৱ৷ মিত্ৰতাৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ পিছতে তিনিও নেতাই দুই দলে আগন্তুক দিনত কেনেদৰে ৰাইজৰ মাজলৈ আগুৱাই যাব তাক লৈ ভিন্ন দিশত আলোচনা কৰে৷ পৰৱৰ্তী ৰণনীতি সম্পৰ্কতো তিনিও নেতাই দীৰ্ঘসময় ধৰি আলোচনাত মিলিত হয়৷
কোন সমষ্টিত দলটোৰ স্থিতি শক্তিশালী, কোন সমষ্টিত দলৰ স্থিতি কিছু দুৰ্বল সেই সম্পৰ্কে দুয়ো নেতাৰ পৰা খতিয়ান লয় অখিল গগৈয়ে৷ দুৰ্বল সমষ্টিটোত কেনেদে দুই দলৰ স্থিতি মজবুত কৰিব পাৰি তাক লৈয়ো দিহা পৰামৰ্শ আগবঢ়ালে অখিল গগৈয়ে৷ প্ৰায় ডেৰঘণ্টা জোৰা আলোচনাৰ অন্তত GMCHৰ কোঠাৰ পৰা ওলাই আহিয়ে সংবাদ মাধ্যমৰ আগত AJP আৰু ৰাইজৰ দলৰ মিত্ৰতা চূড়ান্ত বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে লুৰিণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই৷
কাৰাগাৰৰ পৰাই ৰাজ্যৰ আঞ্চলিক শক্তিক একলগ হ’বলৈ অখিল গগৈয়ে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই এজেপি দলৰ দুই নেতাই মিত্ৰতাৰ প্ৰস্তাৱ লৈ বৃহস্পতিবাৰে পুৱাই GMCHত উপস্থিত হৈছিল৷ মিত্ৰতাৰ প্ৰস্তাৱক অখিল গগৈয়ে সঁহাৰি জনোৱাৰ পিছতে সংবাদ মাধ্যমৰ আগত লুৰিণজ্যোতিৰ মন্তব্য – আঞ্চলিকতাবাদৰ চৰকাৰ হ’ব অসমত৷
মিত্ৰতা চূড়ান্ত হ’লেও প্ৰাৰ্থীৰ তালিকা কিম্বা আসন বুজাবুুৃজিৰ ক্ষেত্ৰত আজিৰ বৈঠকত কোনো সিদ্ধান্ত নাই লোৱা বুলি মন্তব্য আগবঢ়ালে লুৰিণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই৷ আগন্তুক দুই এদিনতে ৰাজহুৱাকৈ সকলো কথা সংবাদ মাধ্যমৰ জৰিয়তে অসমবাসীক অৱগত কৰাৰ কথাও ঘোষণা কৰিলে দুই নেতাই৷
ইপিনে, শীঘ্ৰে অখিল গগৈক মুক্তি কৰি দিবৰ বাবে চৰকাৰক আহ্বান জনালে লুৰিণজ্যোতি গগৈয়ে৷ আশা কৰা হৈছে নিৰ্বাচনৰ পূৰ্বে কাৰাগাৰৰ পৰা উলিয়াই দিয়া হ’ব অখিলক৷ দুই দলৰ মিত্ৰতাই আগন্তুক বিধানসভা নিৰ্বাচনত কিমানদূৰ প্ৰভাৱ পেলাবলৈ সক্ষম হ’ব সেয়া সময়ে ক’ব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|