উজনিৰ বৌদ্ধ বিহাৰত ভান্তে বাবাৰ ৰূপত বাংলাদেশী!

ধৰ্মৰ নামত কোনো বাংলাদেশীক আশ্ৰয় দিয়া নহ’ব বুলি হুংকাৰ দিছে সদৌ অসম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে।

News18-Assam
Updated:September 11, 2019, 9:56 AM IST
উজনিৰ বৌদ্ধ বিহাৰত ভান্তে বাবাৰ ৰূপত বাংলাদেশী!
ধৰ্মৰ নামত কোনো বাংলাদেশীক আশ্ৰয় দিয়া নহ’ব বুলি হুংকাৰ দিছে সদৌ অসম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে।
News18-Assam
Updated: September 11, 2019, 9:56 AM IST
ৰীণা কাকতি গগৈ : উজনি অসমৰ তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ বৌদ্ধ বিহাৰসমূহত এতিয়া খোপনি পুতিছে সন্দেহজনক বাংলাদেশী লোকে। এই অভিযোগ তুলিছে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ বৌদ্ধ বিহাৰৰ থলুৱা খিলঞ্জীয়া ভান্তেই। ধৰ্ম প্ৰচাৰৰ অচিলা লৈ একাংশ সন্দেহজনক লোকৰ আগমন ঘটা বুলি অভিযোগ তুলিছে একাংশ থলুৱা বৌদ্ধ ভিক্ষুৱে।

উজনিৰ তিনিচুকীয়া, ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাৰ একাংশ বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ মতে, বাংলাদেশী বুলি অভিযোগ উত্থাপিত হৈ অহা এইসকল ভান্তে বাংলাদেশৰ বুলি সম্ভেদ লাভ কৰি RTI কৰাৰ উপৰি প্ৰশাসনকো জনোৱা হৈছিল। কিন্তু এইক্ষেত্ৰত প্ৰশাসনে নীৰৱ ভূমিকা পালন কৰাৰ অভিযোগ উত্থাপন হৈছে। যাৰ ফলত এখন বিদেশীমুক্ত অসমৰ বাবে নিজেই মাত মাতিছে থলুৱা খিলঞ্জীয়া বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে। বহিৰাগত ভান্তেৰ বিৰুদ্ধে তদন্তৰ ব্যৱস্থা কৰি চিনাক্তকৰণ কৰাৰ দাবী উত্থাপন কৰিছে মাৰ্ঘেৰিটাৰ বৌদ্ধ বিহাৰ সমিতিয়ে।

ধৰ্মৰ নামত কোনো বাংলাদেশীক আশ্ৰয় দিয়া নহ’ব বুলি হুংকাৰ দিছে সদৌ অসম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে। উজনিৰ একাংশ ভান্তেই সমগ্ৰ বিষয়টো কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ দৃষ্টিগোচৰ কৰোৱা বুলিও জানিব পৰা গৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি