এবছৰত চাহ খোৱাৰ নামত ১০লাখ টকা খৰচ কৰিলে কোনে?

কোৰোণা ভাইৰাছৰ কাৰণে সমগ্ৰ বিশ্বত যি পৰিস্থিতিয়ে দেখা দিছে তাৰ কাৰণে একাধিক ৰেহাই ঘোষণা কৰিছিল কেন্দ্ৰ চৰকাৰে। পাব্লিক প্ৰভিডেণ্ট ফাণ্ড, সুকন্যা সমৃদ্ধি যোজনা তথা অন্যান্য স্মল চেভিংছ স্কীমত টকা জমা কৰাৰ পৰা একাউণ্ট খোলা আদি বিভিন্ন নিয়মত ৰেহাই দিয়া হৈছিল। কিন্তু এই ৰেহাই ৩১জুলাইলৈকেহে দিয়া হৈছিল।
RTI কৰ্মীৰ অভিযোগ NRLMত চলিছে ব্যাপক লুণ্ঠন।
- News18 Assam
- Last Updated: February 24, 2020, 2:14 PM IST
উল্লেখযোগ্য যে, নগাঁও জিলাৰ অন্তৰ্গত উপভোক্তা সকলে চৰকাৰী আঁচনিৰ দ্বাৰা উপকৃত হোৱাৰ বিভিন্ন তথ্য বিচাৰি চৌহানে নগাঁও গ্ৰামীন জীৱিকা অভিযানৰ কাৰ্যালয়ত তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত আবেদন দাখিল কৰিছিল। কিন্তু আবেদনৰ উত্তৰ পোৱাৰ পিচতে তেওঁ সংবাদ মাধ্যমৰ সন্মুখত বিভাগটোৰ দূৰ্নীতিৰ বিষয়ে সৰৱ হয়। চৌহানে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি বিভিন্ন ভুৱা গোটক ঋণ প্ৰদানৰ নামত ধন সৰকাইছে বিভাগটোৰ বিষয়া তথা কৰ্মচাৰী সকলে।

অভিযোগমতে, আত্মসহায়ক গোটৰ উৎকৰ্ষ সাধনৰ বাবে অনুস্থিত কৰা "সৰস মেলা" ৰ নামতো বৃহৎ লুণ্ঠন চলাইছে বিভাগটোৱে। ইপিনে মহিলা আত্মসহায়ক গোটৰ সভাত চাহৰ যোগান ধৰাৰ নামতে খাগৰিজান উন্নয়ণ খণ্ডত ১০লাখ টকা খৰচ কৰা দেখুওৱা হৈছে বুলিও অভিযোগ কৰে চৌহানে। এইদৰে বিভিন্ন শিতানত বৃহৎ পুঁজি ব্যয় কৰা দেখুৱাই গ্ৰামোন্নয়ণৰ ধন আত্মসাৎ কৰাৰ অভিযোগ তুলিছে চৌহানে। অৱশ্যে নগাঁও জিলা গ্ৰামীণ জীৱিকা অভিযানৰ দায়িত্বশীল বিষয়াসকলে চৌহানৰ এই অভিযোগক নস্যাৎ কৰিছে।