মুখ্যপৃষ্ঠা »খবৰ »অসম »সৰস্বতী পূজাত ‘খিচিৰি কেলেংকাৰী’, নাই প্ৰসাদৰ টোপোলাও, ছাত্ৰ–ছাত্ৰীৰ ধন লৈ পলাল হেড ছাৰ

সৰস্বতী পূজাত ‘খিচিৰি কেলেংকাৰী’, নাই প্ৰসাদৰ টোপোলাও, ছাত্ৰ–ছাত্ৰীৰ ধন লৈ পলাল হেড ছাৰ

বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলৰ পৰা সৰস্বতী পূজাৰ বাবে ১০০ টকাকৈ বৰঙণি লোৱাৰ লগতে খৰি, চাউল আদি সংগ্ৰহ কৰিছিল প্ৰধান শিক্ষক অনিল দাসে।

  • Share this:
হাজোৰ বাউসীত বৃহস্পতিবাৰে নিশা সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। বাউসী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি নিশা ওলাই আহিল একাংশ স্থানীয় লোক। বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে ছাত্ৰ–ছাত্ৰীৰ পৰা সৰস্বতী পূজাৰ বাবে ধন সংগ্ৰহ কৰি আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় লোকৰ। ইয়াকে লৈ বিদ্যালয়ৰ সন্মুখত সৰস্বতী পূজাৰ নিশা এনেদৰে ওলাই আহিল স্থানীয় লোকসকল।

উল্লেখযোগ্য যে, বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলৰ পৰা সৰস্বতী পূজাৰ বাবে ১০০ টকাকৈ বৰঙণি লোৱাৰ লগতে খৰি, চাউল আদি সংগ্ৰহ কৰিছিল প্ৰধান শিক্ষক অনিল দাসে। কিন্তু ইমানৰ পাছতো, নিম্নমানৰ খাদ্য দিয়াৰ লগতে একাংশ ছাত্ৰ–ছাত্ৰীয়ে দুপৰীয়াৰ খাদ্য বিদ্যালয়ৰ পৰিৱৰ্তে ঘৰতহে গ্ৰহণ কৰিবলগীয়া হ'ল।

ইয়াকে লৈ নিশা ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকল বিদ্যালয়খনত উপস্থিত হৈ বিতৰ্কিত প্ৰধান শিক্ষকগৰাকীৰ মইমতালিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে। আনহাতে, গণৰাজ্য দিৱস পালন কৰাৰ পৰাও বঞ্চিত হ'ল ছাত্র-ছাত্রীসকল। ছাত্ৰ-ছাত্ৰীসকলৰ ধন লৈ প্ৰধান শিক্ষকজন পলাই পত্ৰং দিয়াৰ অভিযোগ ৰাইজৰ।

শেহতীয়া বাতৰি