মুখ্যপৃষ্ঠা »খবৰ »অসম »Nagaon Police : নগাঁও আৰক্ষী বিষয়াৰ বিৰুদ্ধে গুণ্ডামিৰ অভিযোগ, জীৱিকাৰ একমাত্ৰ সমল হেৰুৱাই কান্দোনত ভাঙি পৰিল দীপ কুমাৰ

Nagaon Police : নগাঁও আৰক্ষী বিষয়াৰ বিৰুদ্ধে গুণ্ডামিৰ অভিযোগ, জীৱিকাৰ একমাত্ৰ সমল হেৰুৱাই কান্দোনত ভাঙি পৰিল দীপ কুমাৰ

নগৰ আৰক্ষী বিষয়া ৰঞ্জিত গগৈৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ ভুক্তভোগী

নগৰ আৰক্ষী বিষয়া ৰঞ্জিত গগৈৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ ভুক্তভোগী

নগৰ আৰক্ষী বিষয়া ৰঞ্জিত গগৈৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ ভুক্তভোগী

  • Share this:
নগাঁও সদৰ আৰক্ষীৰ নগৰ উপ-পৰিদৰ্শক ৰঞ্জিত গগৈৰ বিৰুদ্ধে চৰম গুণ্ডামিৰ অভিযোগ উত্থাপন হৈছে। বুধবাৰে পুৱাই আৰক্ষী বিষয়াগৰাকীয়ে বৰবজাৰত দুখন ঠেলা কোবাই ভাঙি পেলোৱাৰ অভিযোগ কৰিছে দীপ কুমাৰ নামৰ দুখীয়া ঠেলাচালকজনে (Allegations of hooliganism against Nagaon police)।

নিজৰ জীৱিকাৰ একমাত্ৰ সমল ঠেলাগাড়ীখন হেৰুৱাই সদৰ থানাতে কান্দোনত ভাঙি পৰে দীপ কুমাৰ নামৰ ঠেলাচালকজন। অৱশ্যে এই বিষয়ে সংবাদ মাধ্যমৰ সন্মুখত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৰঞ্জিত গগৈয়ে।

আনহাতে, ৰঞ্জিত গগৈৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ তুলি আদালতৰ দ্বাৰস্থ হৈছে জুৱাহিৰ আহমেদ নামৰ এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী। বৰবজাৰত বাঁহৰ ব্যৱসায় কৰা জুৱাহিৰে কম মূল্যত বাঁহ নিদিয়াৰ বাবেই ৰঞ্জিত গগৈয়ে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে।

জুৱাহিৰে অভিযোগ কৰা অনুসৰি, ৰঞ্জিত গগৈয়ে বেয়াকৈ প্ৰহাৰ কৰাৰ ফলতেই তেওঁৰ এখন কাণৰ পৰ্দা ফাটি গৈছে। শেহতীয়াভাৱে নগাঁও চহৰত বৃদ্ধি পোৱা অপৰাধজনিত কাৰ্যকলাপ ৰোধত ব্যৰ্থ হোৱা এইসকল আৰক্ষী বিষয়াই সাধাৰণ লোকৰ ওপৰত নিৰ্যাতন চলোৱাৰ অভিযোগে তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে।

শেহতীয়া বাতৰি