মুখ্যপৃষ্ঠা » খবৰ

» অসম

»মাটিৰ দালালৰ দৌৰাত্ম্য, নেৰিলে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ভূমিও, গুৰুতৰ অভিযোগ পৰিয়ালৰ

মাটিৰ দালালৰ দৌৰাত্ম্য, নেৰিলে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ভূমিও, গুৰুতৰ অভিযোগ পৰিয়ালৰ

News18 Assam | News18-Assam
Updated:September 25, 2021, 1:17 PM IST
মাটিৰ দালালৰ দৌৰাত্ম্য, নেৰিলে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ভূমিও, গুৰুতৰ অভিযোগ পৰিয়ালৰ
পৰিয়ালৰ অজ্ঞাতে পট্টাৰ পৰা কৰ্তন প্ৰজ্ঞাসুন্দৰীসহ লক্ষ্মীনাথ বেজবৰুৱাৰ নাম।

পৰিয়ালৰ অজ্ঞাতে পট্টাৰ পৰা কৰ্তন প্ৰজ্ঞাসুন্দৰীসহ লক্ষ্মীনাথ বেজবৰুৱাৰ নাম।

  • News18 Assam
  • Last Updated: September 25, 2021, 1:17 PM IST
  • Share this:

ৰাজ্যজুৰি মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ সময়তে এইবাৰ শিৱসাগৰত থকা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ পৰিয়ালৰ ভূমি এটা চক্ৰই বেদখল চলাই থকা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে।


শিৱসাগৰৰ প্ৰগতি নাৰ্ছিং হোমৰ সমীপৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা বেজবৰুৱা পৰিয়ালৰ ‌কেইবাবিঘা ভূমি বে-আইনীভাৱে দুষ্ট চক্ৰটোৱে দখল কৰা বুলি অভিযোগ আনিছে।


শিৱসাগৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত ১১০ নম্বৰ পট্টাৰ ৫৬৮ নং দাগৰ ১ বিঘা ২ কঠা ভূমিত বেদখল কৰা বুলি তথ্য‌সহ উল্লেখ কৰিছে লক্ষ্মীনাথ বেজবৰুৱাৰ আজোনাতি আৰু নাতি‌ বোৱাৰীয়েকে।‌‌



১১৮নং পট্টাৰ ১০৩ আৰু ৫৬৫ নম্বৰ দাগৰ ভূমিতো অবৈধ দখলৰ অভিযোগ পৰিয়ালটোৰ।পৰিয়ালৰ অজ্ঞাতেই  পট্টাৰ পৰা লক্ষ্মীনাথ বেজবৰুৱাৰ সহধৰ্মিণী  প্ৰজ্ঞাসুন্দৰীৰ নাম কৰ্তন কৰাৰ লগতে  লক্ষ্মীনাথ বেজবৰুৱাৰ নাম আঁতৰাই দিয়া হ'ল।


২০১৮ চনত শিৱসাগৰৰে  ৱাহিদা চুলতানা নামৰ মহিলাগৰাকীক 'power of attorney' খন‌ দিছিল প্ৰয়াত লক্ষ্মীনাথ বেজবৰুৱাৰ পৰিয়ালে। তাৰ পিছত অতি কৌশলেৰে বেজবৰুৱা পৰিয়ালক নজনোৱাকৈ ভূমিখনি দখল কৰি লয়।


উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ে ২০১১ বৰ্ষতে ভূমি বিক্ৰীৰ ক্ষেত্ৰত অবৈধ বুলি ৰায়দান কৰা Power of Attorney ৰ জৰিয়তে সাহিত্যৰথীৰ পৰিয়ালৰ ভূমি বিক্ৰী কৰিলে দালাল চক্ৰই।


ইপিনে এই সন্দৰ্ভত কেইবাবাৰো শিৱসাগৰ ৰাজহ চক্ৰ বিভাগত অভিযোগ দাখিল কৰিছে যদিও কোনো পদক্ষেপ লোৱা নাই ৰাজহ বিভাগ তথা প্ৰশাসনে। আনকি ১৯৩৮ চনতে‌ মহাপ্ৰয়াণ হোৱা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ নামত ২০১৮ চনত‌ Notice পঠিওৱাৰ দৰে আশ্চৰ্যকৰ কামো‌ ৰাজহ চক্ৰ বিভাগে কৰিছিল বুলি সদৰী কৰিছে পৰিয়ালটোৱে।



শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাটিৰ দালাল চক্ৰক উৎখাত কৰিবলৈ নিৰ্দেশ দিয়াত মৰসাহ কৰি অবৈধ ভূমি বেদখলকাৰীসকলৰ বিষয়ে অৱগত কৰিছে সংবাদ মাধ্যমত।


ইপিনে অসমীয়া ভাষা–সাহিত্যৰ অন্যতম পথিকৃৎ কালজয়ী লক্ষ্মীনাথ বেজবৰুৱা আৰু তেওঁৰ সহধৰ্মিণীৰ নামত থকা ভূমিও দালাল চক্ৰই বেদখল কৰাত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। এইক্ষেত্ৰত যথোচিত পদক্ষেপ লোৱাৰ দাবী জনাইছে  শিৱসাগৰ জিলা সাহিত্য সভাকে ধৰি বিভিন্নজনে‌।

Published by: Gautam Barman
First published: September 25, 2021, 1:17 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি