বামুণীমৈদামস্থিত অসম ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (ITI)ৰ টোগলকী কাণ্ড। শিক্ষাৰ্থীৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মূল প্ৰমাণ পত্ৰ ফালিলে IIT কৰ্তৃপক্ষই, লগতে ৰঙা চিয়াঁহীৰে লিখি দিলে কেনচেল (CENCEL) বুলিও।
ৰাষ্ট্ৰীয় বৃত্তিমূলক প্ৰশিক্ষণ পৰিষদ (NCVT) পাঠ্যক্ৰমৰ বাবে ওড়িশালৈ পঠিওৱাৰ বাবে প্ৰায় বিশ জন শিক্ষাৰ্থীৰ পৰা সংগ্ৰহ কৰিছিল মূল প্ৰমাণ পত্ৰসমূহ। কিন্তু শিক্ষাৰ্থীসকলে আজি প্ৰমাণ পত্ৰসমূহ ঘূৰাই নিবলৈ আহি হতবাক হয়।
কি কাৰণে IIT কৰ্তৃপক্ষই এনেদৰে শিক্ষাৰ্থীৰ মূল প্ৰমাণ পত্ৰ ফালিলে আৰু ৰঙা চিয়াঁহীৰে লিখিলে সেই বিষয়ে এই মুহূৰ্তলৈ সঠিককৈ জনোৱা নাই কৰ্তৃপক্ষই। উপায়হীন ভুক্তভোগী শিক্ষাৰ্থীসকলে চানমাৰী আৰক্ষী থানাত ঘটনাৰ বিষয়ে অভিযোগ দিয়াত চানমাৰী আৰক্ষীৰ দল প্ৰশিক্ষণ কেন্দ্ৰটোত উপস্থিত হৈ আৰম্ভ কৰে তদন্ত।
আৰক্ষীৰ তদন্তৰ সময়ত প্ৰশিক্ষণ কেন্দ্ৰটোৰ সঞ্চালক তিলক দাস উপস্থিত নাছিল। সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে আই টি আই কৰ্তৃপক্ষই NCVT পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে ওড়িশালৈ পঠিওৱা হৈছিল শিক্ষাৰ্থীৰ মূল প্ৰমাণ পত্ৰসমূহ। তাৰ পৰাই ১৯ জন শিক্ষাৰ্থীৰ মূল প্ৰমাণ পত্ৰ ফলাৰ লগতে ৰঙা চিয়াঁহীৰে লিখি দিছিল cancel বুলি।
কিন্তু কি কাৰণে এনে হ'ল সেই বিষয়ে ITI কৰ্তৃপক্ষ অৱগত নহয় বুলি জানিবলৈ দিয়ে। এই বিষয়ে NCVT কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|