মুখ্যপৃষ্ঠা »খবৰ »অসম »যুৱতী-মহিলা দেখিলেই দেখুৱাই যৌনাংগ!- আমিনগাঁৱৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ

যুৱতী-মহিলা দেখিলেই দেখুৱাই যৌনাংগ!- আমিনগাঁৱৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ

ইতিমধ্যে উপাচাৰ্যৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ স্বাক্ষৰ সম্বলিত এজাহাৰ দাখিল কৰিছে উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষী চকীত।

ইতিমধ্যে উপাচাৰ্যৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ স্বাক্ষৰ সম্বলিত এজাহাৰ দাখিল কৰিছে উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষী চকীত।

  • Share this:
আমিনগাঁৱৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমিৰ উপাচাৰ্যৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। এটা ফেচবুক পষ্টৰ জৰিয়তে উপাচাৰ্য ড° জে. এচ. পাটিলৰ বিৰুদ্ধে অনা হৈছে এই অভিযোগ। অভিযোগ মতে, উপাচাৰ্য ড° জে.এচ. পাটিলে কোনো যুৱতী বা মহিলা দেখিলে নিজৰ যৌনাংগ দেখুৱায়। উপাচাৰ্যগৰাকীৰ কৰ্ম-কাণ্ডত অতিষ্ঠ হৈ পৰিছে অঞ্চলটোত বাস কৰা যুৱতী-মহিলাসকল।

ইতিমধ্যে উপাচাৰ্যৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ স্বাক্ষৰ সম্বলিত এজাহাৰ দাখিল কৰিছে উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষী চকীত। আৰক্ষীয়ে ৰুজু কৰিছে উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে গোচৰ।



কিন্তু উপাচাৰ্যগৰাকীয়ে এই সমগ্ৰ ঘটনা মনে সজা আৰু ভিত্তিহীন আখ্যা দি নস্য্যাৎ কৰিছে অভিযোগ। ইফালে ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমিৰ পঞ্জীয়কে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, ফেচবুকৰ পষ্টত উল্লেখ কৰা ঘটনাৰ সত্যতা বিচাৰি গুৱাহাটী উচ্চ ন্যায়লয়ত দাখিল কৰিছে আবেদন।

শেহতীয়া বাতৰি