মুখ্যপৃষ্ঠা »খবৰ »অসম »Lakhimpur : চতুৰ্থ বৰ্গৰ পৰীক্ষাত উকা বহী জমা দিয়া পৰীক্ষাৰ্থী উত্তীৰ্ণৰ অভিযোগ, দুটা ফেচবুক পোষ্টত চাঞ্চল্যকৰ তথ্য!

Lakhimpur : চতুৰ্থ বৰ্গৰ পৰীক্ষাত উকা বহী জমা দিয়া পৰীক্ষাৰ্থী উত্তীৰ্ণৰ অভিযোগ, দুটা ফেচবুক পোষ্টত চাঞ্চল্যকৰ তথ্য!

পৰীক্ষা কেন্দ্ৰত প্ৰত্যক্ষ কৰা ঘটনাক লৈ ১৩ মাৰ্চতেই কৰা সন্দেহ সঁচা বুলি প্ৰমাণিত হোৱাৰ দাবী বিশেষভাৱে সক্ষম যুৱকৰ

পৰীক্ষা কেন্দ্ৰত প্ৰত্যক্ষ কৰা ঘটনাক লৈ ১৩ মাৰ্চতেই কৰা সন্দেহ সঁচা বুলি প্ৰমাণিত হোৱাৰ দাবী বিশেষভাৱে সক্ষম যুৱকৰ

পৰীক্ষা কেন্দ্ৰত প্ৰত্যক্ষ কৰা ঘটনাক লৈ ১৩ মাৰ্চতেই কৰা সন্দেহ সঁচা বুলি প্ৰমাণিত হোৱাৰ দাবী বিশেষভাৱে সক্ষম যুৱকৰ

  • Share this:
লক্ষীমপুৰ মেডিকেল কলেজৰ চতুৰ্থ বৰ্গৰ ১৮৮টা পদৰ বাবে অনুষ্ঠিত পৰীক্ষাত উকা বহী জমা দিয়া পৰীক্ষাৰ্থী উত্তীৰ্ণ হোৱা বুলি অভিযোগ উত্থাপন কৰিছে ৰূপহীহাটৰ হাতীপুখুৰী গাঁৱৰ বিশেষভাৱে সক্ষম যুৱক আমিনুল হকে। হক নিজেও উক্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল যদিও তেওঁৰ ফলাফল বেয়া হোৱাৰ বিপৰীতে উকা বহী জমা দিয়া পৰীক্ষাৰ্থী উত্তীৰ্ণ হোৱাৰ অভিযোগ কৰে।

ফেচবুক পোষ্টত এই অভিযোগ উত্থাপন কৰাৰ লগতে একাংশ সংবাদ মাধ্যমতো তেওঁ এই সন্দৰ্ভত কয়। চাকৰিৰ পৰীক্ষাত বিসংগতিৰ বিস্ফোৰক অভিযোগ উত্থাপনৰ পিছতে চাৰিওফালে বিষয়টোক লৈ চৰ্চা হৈছে।

লক্ষীমপুৰ মেডিকেল কলেজৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা যোৱা ১৩ মাৰ্চত অনুষ্ঠিত হৈছিল। উক্ত দিনাই আমিনুল হকে ফেচবুক পোষ্টযোগে পৰীক্ষাৰ্থীগৰাকীয়ে উকা OMR চীটখন জমা দিবলৈ যাওঁতে সকলোৱে বাধা দিয়া তথা কেইটামান প্ৰশ্নোত্তৰ কৰাৰ বাবে হেঁচা দিয়া ঘটনাৰ কথা উল্লেখ কৰিছিল।



কিন্তু তেওঁ পৰীক্ষাৰ ফলাফলত সেই পৰীক্ষাৰ্থীগৰাকী উত্তীৰ্ণ হোৱাত আশ্চৰ্য প্ৰকাশ কৰে আৰু পুনৰ এটা ফেচবুক পোষ্টযোগে বিষয়টো ৰাজহুৱা কৰে। হকে পৰীক্ষাৰ্থীগৰাকীৰ ৰোল নম্বৰটোও প্ৰকাশ কৰে।



গুৰুত্বপূৰ্ণ যে আমিনুল হকৰ এই পোষ্টে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। নিযুক্তি পৰীক্ষাবোৰৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ সম্পূৰ্ণ সজাগ গৈ থকাৰ পিছতো উঠা এই অভিযোগে স্বাভাৱিকতে নিবনুৱাসকলক উদ্বিগ্ন কৰি ৰাখিছে।

শেহতীয়া বাতৰি